January 30, 2023, 4:46 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে ৫০ বছৰৰ পিছত সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ আদানিক চেলেঞ্জঃ তথ্যসহকাৰে নাকচ কৰক হিণ্ডেনবাৰ্গৰ অভিযোগ ‘পাঠান’ অপসংস্কৃতি, অপসংস্কৃতিক প্ৰাধান্য দিয়া সকলে ‘পাঠান’ চাইছেঃ ভৱেশ কলিতা ওড়িশাৰ স্বাস্থ্যমন্ত্ৰীলৈ আৰক্ষীৰ গুলী বাঢ়িয়েই আছেঃ ফেব্ৰুৱাৰীৰ পৰা আকৌ বাঢ়িব বিদ্যুৎ মাচুল ৩৭ খন পতাকা উত্তোলনেৰে আৰম্ভ হ’ল সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ ৰাজ্যিক অধিবেশন কটন বিশ্ববিদ্যালয়ত ড০ সূৰ্য কুমাৰ ভূঞাৰ জন্মদিৱস উদযাপন

কৃষি বিশ্ববিদ্যালয়ৰ সমাবৰ্তন সম্পন্নঃ কৃষক-কৃষিৰ সৈতে জড়িতক অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰিব লাগিব

Reporter Name
  • Update Time : Thursday, March 3, 2022
  • 97 Time View

যোৰহাটঃ কৃষিজাত সম্পদসমুহৰ যথোপযুক্ত ব্যৱহাৰ আৰু প্ৰাকৃতিক দুৰ্যোগৰ সচেতনতাৰে মোকাবিলা কৰি জৈৱ অৰ্থনীতিলৈ পৰিবৰ্তন কৰিব পাৰি আৰু ইয়াৰ দ্বাৰাই কৃষক আৰু কৃষিৰ লগত জড়িত সকলৰ অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰিব পৰা যাব। অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাবৰ্তন সম্বোধন কৰি এই মত ব্যক্ত কৰে বিশ্ববিদ্যালয়ৰ আচাৰ্য জগদীশ মুখীয়ে।

বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোৱৰণী প্ৰেক্ষাগহত অনুষ্ঠিত সমাবৰ্তনত ৰাজ্যপালে কয় যে জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত চহকী সাৰুৱা আৰু যথেষ্ট বৰষুণ হোৱা অসমখন প্ৰকৃতিৰ উপহাৰস্বৰূপ। বিভিন্ন সময়ত প্ৰাকৃতিক দুৰ্যোগে মানুহৰ জীৱন জীৱিকালৈয়ো ভাবুকি কঢ়িয়াই আনিছে যদিও পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰা কৃষক উপযোগী প্ৰযুক্তিৰে খেতি কৰা আৰম্ভ হৈছে আৰু সামগ্ৰিকভাবে কৃষিক্ষেত্ৰৰ উত্তৰণ ঘটিছে। এই দিশত অসম কৃষি বিশ্ববিদ্যালয়েও যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

কৃষি ক্ষেত্ৰই জাতি গঠন প্ৰক্ৰিয়াত যথেষ্ট অৱদান আগবঢ়াইছে বুলি উল্লেখ কৰি কয় যে কডিডৰ সময়ত এয়া অতিশয় উল্লেখযোগ্য হৈ পৰিছে। শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মক উদ্দেশ্যি ৰাজ্যপালগৰাকীয়ে কয় যে যুৱ প্ৰজন্মই নিজৰ লক্ষ্যত দৃষ্টি নিবদ্ধ কৰি আদৰ্শৰ প্ৰতি দৃঢ় হৈ উৎসৰ্গীত ভাবে আগবাঢ়িব লাগে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুত চন্দন ডেকাই আদৰণি ভাষণত কয় যে অমাৰ বিশ্ববিদ্যালয়ৰ কিছুমান সামুহিক সপোন আছে। আমি অসমক কৃষি আৰু সহযোগী ক্ষেত্ৰত আগৰণুৱা ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰো। খেতি আৰু খেতিৰ লগত জড়িত সকলৰ আকাংখ্যা আৰু সপোনবোৰ পুৰ কৰি দেশৰ এখন আটাইতকৈ ভাল বিশ্ববিদ্যালয় হিচাপে গঢ় দিব লাগিব। তেখেতে কৃষি শিক্ষা গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা ভূমিকাৰ বিষয়ে সবিশেষ অৱগত কৰে।

সমাবৰ্তনত বক্তব্য ৰাখি কৃষিমন্ত্ৰী অতুল বৰাই কয় যে যুৱ প্ৰজন্ম কৃষিৰ স্থানত আগবাঢ়ি যাব লাগিব। উদ্যোগিক মানসিকতাৰে সাৰ্থক বজাৰৰ দিশত গুৰুত্ব আৰোপ কৰি ব্যৱসায়িক কৃষি ব্যৱস্থাপনাৰে আগুৱাই যাব লাগিব। বৃত্তিগত যাত্ৰাত বিভিন্ন পথেৰে আগবাঢ়ি যোৱা হয় যদিও কৃষি উৎপাদন তথা এই দিশত জ্ঞান আৰ্জনে সামগ্ৰিকভাবে কৃষিক্ষেত্ৰক আগুৱাই যোৱাত বহুধৰণে সহায় কৰে। দেশে এতিয়া বহনক্ষম কৃষিৰ জৰিয়তে দেশৰ দৰিদ্ৰতা আৰু ক্ষুধা নিবাৰণৰ দিশত পদক্ষেপ গ্ৰহণ কৰাৰ লগতে খাদ্য আৰু পৰিপুষ্টি সুৰক্ষা, নিয়োগ আদি দিশতো গুৰুত্ব আৰোপ কৰি আগবাঢ়িছে।

বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোহায়ে শৈক্ষিক সমদলৰ নেতৃত্ব লোৱা সমাবৰ্তনত বক্তব্য ৰাখি অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অজন্তা বৰগোহাই ৰাজকোৱৰে কয় যে কৃষি সামগ্ৰীৰ যথোচিত বিপনন আৰু ৰপ্তানিৰ জৰিয়তে কৃষকসকলক অৰ্থনৈতিক সকাহ প্ৰদান কৰিব পাৰি৷ এক্ট ইষ্ট পলিছিৰ জৰিয়তে দক্ষিণ পূৱ এছিয়াৰ ৰাজ্যসমুহৰ জৰিয়তে নতুন সুযোগ সুবিধা কৃষক উদ্ভাৱক উদ্যোগী উপকৃত হ’ব পাৰিব। ডিগ্ৰী লাভ কৰা সকলক উদ্দেশ্যি কয় যে কেৱল চাকৰি প্ৰাৰ্থী নহৈ চাকৰি প্ৰদান কৰোতালৈ নিজকে উত্তৰণ ঘটাব লাগে। যাতে নতুন প্ৰজন্মই তোমালোকক পৰিবৰ্তনৰ অগ্ৰদূত হিচাপে জটিল সময়ত মনত ৰাখিব পাৰে।

সমাবৰ্তনত ৰাজ্যপালে আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৃষি বিজ্ঞানী, ভাৰত চৰকাৰৰ কৃষি শিক্ষা আৰু গৱেষণা বিভাগৰ সচিবপ্ৰধান তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ত্ৰিলোচন মহাপাত্ৰ আৰু আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পশু শৈল চিকিৎসা বিশেষজ্ঞ তথা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ শৈল চিকিৎসা বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কুশল কোৱৰ শৰ্মাক অসম কৃষি বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।হাইব্ৰীড ব্যৱস্থাপনাৰে (অনলাইন আৰু অফলাইন) অনুষ্ঠিত সমাবৰ্তনত বিগত দুটা বছৰৰ সৰ্বমুঠ ১৩৬৯ শিক্ষাৰ্থীক স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰীসমুহ প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত।এই অনুষ্ঠানতে বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা ৪৭ গৰাকী শিক্ষাৰ্থীক সোণৰ পদক তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাৰ নগদ ধনৰ পুৰস্কাৰসমুহো প্ৰদান কৰা হয়। সমাবৰ্তনত বিশ্ববিদ্যালয়ৰ বৰ্ড মেম্বাৰ বিধায়কদ্বয় ভবেন্দ্ৰ নাথ ভৰালী আৰু ভাস্কৰ বৰুৱা, বৰ্ণালী শইকীয়া বৰা, সাংসদ তপন কুমাৰ গগৈ আৰু কামাখ্যা প্ৰসাদ তাছা, অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং, জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, আৰক্ষী অধীক্ষক অংকুৰ জৈন উপস্থিত থাকে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে