ডিজিটেল ডেস্কঃ কৃষকে ৰাজপথত বিদ্ৰোহ কৰি থকাৰ মাজতে ৰাজ্যসভাত দুখনকৈ কৃষি বিষয়ক বিধেয়ক ৰাজ্যসভাত গৃহীত হয় দেওবাৰে৷ বিৰোধীৰ হৈ-হাল্লাৰ মাজতে চৰকাৰে দেওবাৰে কৃষি বিধয়ক গৃহীত কৰি আইনৰ ৰূপ দিবলৈ পথ মুকলি কৰে৷ এই বিধেয়কক লৈ উপাধ্যক্ষৰ সন্মুখতে ৰাজ্যসভাৰ ‘হাউচ বুক’ ফালিছিল তৃণমুলৰ সাংসদে৷ তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে কৃষি বিধেয়ক সদনত গৃহীত কৰে৷ ইতিমধ্যে লোকসভাত এই বিধেয়ক গৃহীত কৰিছে চৰকাৰে৷ বিৰোধী দলসমূহে ৰাজ্যসভাৰ উপাধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে৷
ইপিনে ৰাজ্যসভাত কৃষি বিধেয়ক গৃহীত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এয়া যুগান্তকাৰী মুহূৰ্ত বুলি কয়৷ প্ৰধানমন্ত্ৰীয়ে দুটাকৈ টুইট কৰি কয় যে ভাৰতীয় কৃষি খণ্ডৰ ইতিহাসৰ এক বিৰল মুহূৰ্ত৷ সংসদত এই বিধেয়ক উত্থাপন কৰিব দিয়াৰ বাবে পৰিশ্ৰমি কৃষকক অভিনন্দন যাচিছো৷ এই বিধেয়ক কৃষি ক্ষেত্ৰত সম্পূৰ্ণ ৰূপান্তৰ ঘটাব বুলি আমি বিশ্বাসী৷ এই বিধেয়কে কেইবা কোটি কৃষকক ক্ষমতাশালী কৰিব৷ আমাৰ কৃষিখণ্ডত সাম্প্ৰতিক প্ৰযুক্তি খুবেই প্ৰয়োজন৷ এই বিধেয়ক গৃহীত হোৱাৰ পিছতে আমাৰ কৃষকে ভৱিষ্যৎ মুখী প্ৰযুক্তিক সহজেই ব্যৱহাৰ কৰিব পাৰিব৷ এয়া স্বাগতম জনাবলগীয়া এক পদক্ষেপ বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷
বিৰোধীৰ ব্যাপক হৈ-হাল্লাৰ পিছতে কাইলৈ পুৱা ৯ বজালৈ ৰাজ্যসভা স্থগিত ঘোষণা কৰা হয়৷ আজি কেন্দ্ৰীয় চৰকাৰে কৃষি বিধেয়ক উত্থাপন কৰিবলৈ সদনৰ কাৰ্য সময় বৃদ্ধি কৰে৷ কিন্তু বিৰোধীয়ে কোনো আলোচনা নকৰাকৈয়ে সময় বৃদ্ধি কৰাত প্ৰশ্ন উত্থাপন কৰে৷ কেন্দ্ৰীয় কৃষি মন্ত্ৰী উপস্থিত থাকি বিৰোধীৰ প্ৰশ্ন উত্তৰ দি থকাৰ সময়তে কংগ্ৰেছ আৰু তৃণমূলৰ সাংসদসকলে ব্যাপক হৈ-হাল্লা কৰে৷
ইমানে নহয় একাংশ সাংসদে উপাধ্যক্ষৰ চকীৰ ওচৰলৈ গৈ মাইক টনা-আজোৰাৰ কৰাৰ লগতে ‘হাউচ বুক’ ফালি পেলাই তৃণমূলৰ সাংসদ ডিৰেক অব্ৰিয়ানে৷ ৰাজ্যসভাৰ ‘হাউচ বুক’ হাতত লৈ হাউচ বুকত থকা নিৰ্দেশনা দেখুৱাবলৈ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙৰ ওচৰ চাপে৷ ৰাজ্যসভাৰ দিনটোৰ সময় সমাপ্ত হোৱাৰ পিছতো বিৰোধীৰ সৈতে আলোচনা নকৰাকৈ সময় বৃদ্ধি কৰাত হৈ-হাল্লা হয়৷