যোৰহাটঃ আজিৰে পৰা অসমৰ ৰাইজে খাবলৈ পাব নতুন ধানৰ জাতৰ চাউল ‘লাবণ্য’। অসম কৃষি বিশ্ববিদ্যালয়ে নিজা ব্ৰেণ্ডত তিতাবৰ আঞ্চলিক ধান গৱেষণা কেন্দ্ৰই উদ্ভাৱন কৰা ভাত খাব পৰা ক’লা চাউল ‘লাৱণ্য’ আজি মুকলি কৰে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুত চন্দন ডেকাৰ উপস্থিতিত গোলাঘাটৰ বুঢ়ালিকচনৰ কুহিয়াৰ গৱেষণা কেন্দ্ৰত অনুষ্ঠিত কৃষক মেলাত নতুন ক’লা চাউলৰ ব্ৰেণ্ডটো উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই চাউলে অসমৰ কৃষিক্ষেত্ৰত নতুনত্বৰ ধাৰা বহন কৰিব। অধিক সুস্বাদু আৰু পৌষ্টিক বুলি গৱেষণাত প্ৰমাণিত ক’লা চাউলে অনাগত দিনত অসমৰ সামগ্ৰিক কৃষিক্ষেত্ৰক সমৃদ্ধ কৰিব বুলিও কৃষি মন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। অনুষ্ঠানত বক্তব্য ৰাখি অসম কৃষি বিশ্ববিদ্যাৱয়ৰ উপাচাৰ্য ড০ বিদ্যুত চন্দন ডেকাই কয় যে আমাৰ বিজ্ঞানীসকলে দীৰ্ঘদিনৰ গৱেষণাৰ জৰিয়তে এই ধানৰ জাত উদ্ভাৱন কৰিছে। ধানবিধ অধিক উৎপাদনক্ষম হোৱাৰ লগতে পুষ্টিৰ ফালৰ পৰা তুলনামুলকভাবে অধিক এণ্টি অক্সিডেণ্ট, প্ৰটিন আৰু আইৰণ সমৃদ্ধ। মধুমেহ ৰোগীৰ বাবেও বিশেষভাবে উপযোগী এই চাউল। আমি আজি উন্মোচন কৰা লাৱণ্য সচৰাচৰ ক’লা চাউলত থকাৰ দৰে আঠা নাথাকে আৰু সাধাৰণভাবে ইয়াক ভাত খাব পৰা যায়। তদুপৰি ই হ’ব সুগন্ধিযুক্ত। সেয়ে এই আটাইবোৰ গুণৰ ভিত্তিত বিশ্বৰ ভিতৰতে এইটো প্ৰথম জাত বুলি কব পাৰি। অনাগত দিনত অসমৰ কৃষকে এই ধানৰ জৰিয়তে বিশ্বৰ বজাৰত খোজ পেলোৱাৰ অংশীদাৰ হ’ব পাৰিব। কৃষক মেলা উপলক্ষে আয়োজিত গাম্ভীয্যপূৰ্ণ অনুষ্ঠানৰ সভাৰ উদ্দেশ্য বাখ্যা কৰে বুঢ়ালিকচন কুহিয়াৰ গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ তুলসী প্ৰসাদ শইকীয়াই। অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড০ অশোক ভট্টাচাৰ্য, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ প্ৰসন্ন কুমাৰ পাঠক, সামূহিক বিজ্ঞানগুৰু ড০ ডেইজী হাজৰিকা, তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ সঞ্জয় কুমাৰ চেতিয়া, প্ৰগতিশীল কৃষক পল্লৱ গগৈ উপস্থিত থাকে৷