বঙাইগাঁওঃ শেহতীয়াকৈ সংসদত গৃহীত কৃষি আইন বাতিলৰ দাবীত শনিবাৰে বঙাইগাঁৱত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিয়ে ৷
বঙাইগাঁৱৰ বইটামাৰীত ৰাষ্ট্ৰীয় পথত কৃষক মুক্তিৰ অৰ্দ্ধশতাধিক সমৰ্থকে অৱস্থান গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰি কৃষি আইন বাতিলৰ দাবী জনায়৷