March 30, 2023, 3:53 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কৃষিমন্ত্ৰীৰ সমষ্টিত কান্দিছে অসহায় কৃষকে, কেঁচা বড়ো ধান কাটি চপালে ঘৰ

Reporter Name
  • Update Time : Monday, June 22, 2020
  • 117 Time View

নুমলীগড়ঃ আনহে নালাগে কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিতে এতিয়া দৰিদ্ৰ কৃষকে হাহাকাৰ কৰিব লগা হৈছে৷ কৃষিমন্ত্ৰীয়ে নিজ সমষ্টিত এটা বান্ধ নিৰ্মাণ নকৰাৰ ফলত কৃষকে কঁপালৰ ঘাম মাটিত পেলাই কৰা খেতি ডৰা কেঁচাতে কাটি আনিব লগা হৈছে৷ কৃষকৰ এনে আলাই-আথানি হৈছে নুমলীগড়ৰ সমীপৰ দিচৈ গাঁও পঞ্চায়তৰ কেইবা খেতিয়কৰ।

দিচৈ গাঁও পঞ্চায়তৰ খেতিয়কে দেহৰ তেজ পানী কৰি শ শ বিঘা বড়ো ধানৰ খেতি কৰিছিল৷ কিন্তু ভৰ বাৰিষা কেঁচাতে ধান সমূহ কাটিব লগীয়া হৈছে অসহায় কৃষকে। দিচৈ গাঁও পঞ্চায়তত কৃষি পথাৰত পানী প্ৰয়োজনত যোগান কৰিব পৰাকৈ কোনো ব্যৱস্থা নাই৷ ব্ৰহ্মপুত্ৰৰ পানী যেতিয়াই ইচ্ছা তেতিয়াই সোমাই আহি খেতি পথাৰ অনিষ্ট কৰে৷ এলেংমাৰী নামৰ ঠাইত বান্ধ এটা নিৰ্মাণ কৰিলে কৃষকৰ পানীৰ সমস্যা সমাধান হয়৷ এলেংমাৰী বান্ধ নিৰ্মাণ কৰিলে কৃষকে প্ৰয়োজনত পানী পথাৰত সোমাই লব পাৰে আৰু প্ৰয়োজন নাথিকেল পানীৰ প্ৰবেশ বন্ধ কৰিব পাৰে৷ ৰাইজে দীৰ্ঘদিন ধৰি এলেংমাৰী নামৰ বান্ধ নিৰ্মাণ কৰিবলৈ দাবী জনাই অহাৰ পিছতো কৃষকৰ কথাক গুৰুতিব প্ৰদান নকৰিলে৷

নিজ সমষ্টিৰ কৃষকৰ সমস্যা সমাধান কৰিবলৈ গুৰুত্ব নিদিয়া কৃষিমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত নিতৌ ফটো দি কাম কৰি থকা বুলি জাহিৰ কৰি বাঃ বাঃ লবলৈ চেষ্টা কৰি আহিছে৷ এলেংমাৰী বান্ধৰ ওপৰেৰে এতিয়া বৈ আহিছে ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানী। ফলত চপৰা-চপৰে খহিছে নদীৰ পাৰ। এলেংমাৰী কৃষি বান্ধটো সময়মতে মেৰামতি নকৰাৰ বাবে এতিয়া নিকৰি, এলেংমাৰী, গুটুং, নৈ-গাঁও, বৰতল, গৰৈমাৰি আদি কৰি প্ৰায় ৫০ খনৰো অধিক গাঁও শ শ বিঘা বড়ো ধানৰ খেতি পানীৰ তল যোৱাৰ উপক্ৰম হৈছে। খেতি পথাৰ বুৰাই পেলোৱাৰ ভয়ত কৃষকে চকুপানী টুকি কেঁচা বড়ো ধান চপাই ঘৰলৈ আনিছে৷ কৃষক তথা স্থানীয় ৰাইজে কৃষি মন্ত্ৰী অতুল বৰাই নিজ সমষ্টিৰ দৰিদ্ৰ কৃষকৰ সমস্যাক গুৰুত্ব নিদিয়াত তীব্ৰ ক্ষোভ ব্যক্ত কৰে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে