বঙাইগাঁওঃ মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটি কেন্দ্ৰীয় প্ৰতিনিধি দল নামনি অসমৰ বঙাইগাঁও জিলা ভ্ৰমণ কৰে৷ সদ্য কাৰাগাৰৰ পৰা মুক্তি লাভ কৰা ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱালসহ কেইবাগৰাকী কেন্দ্ৰীয় নেতাই বঙাইগাঁও জিলা ভ্ৰমণ কৰি একপ্ৰকাৰ আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত কুচকাৱাজ চলোৱাৰ ইংগিত প্ৰদান কৰে৷
ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰি ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিক লৈ বঙাইগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অধিক তীব্ৰতৰ কৰি বিজেপিক উৎখাতৰ কুচকাৱাজ আৰম্ভ কৰাৰ ইংগিত প্ৰদান কৰিছে৷
মঙলবাৰে বঙাইগাঁৱৰ বীৰঝৰা ৰাজহুৱা পুথিভঁৰালত অনুষ্ঠিত হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভা৷ সভাৰ পূৰ্বে সংগঠনটোৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক ধৈৰ্য্য কোঁৱৰে অসমৰ জাতীয় জীৱনৰ সমস্যাক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকলোৰে লগত ঐক্যবদ্ধ হৈ আপোচহীন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ দিশে আগবাঢ়িছে বুলি কয়।
এই সম্পৰ্কত জাতীয় দল সংগঠনৰে আলোচনা অব্যাহত ৰাখিছে বুলি সদৰি কৰে কৃষক নেতাগৰাকীয়ে৷ কৃষক মুক্তিৰ ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ চলোৱাৰ পিছতে বিজেপি একপ্ৰকাৰ শংকিত হৈ পৰিছে বুলি কয় কোঁৱৰে। যাৰ পৰিপ্ৰেক্ষিতত কৃষক মুক্তি সংগ্ৰাম সমিতিক বদনাম কৰিবৰ বাবে বিজেপিত যোগদানৰ নাটক ৰচনা কৰিছে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে ধৈৰ্য্য কোঁৱৰে। সভাত উপস্থিত থাকে মানস কোঁৱৰ, মুকুট ডেকা, হুছেইন মহম্মদ চাহজাহান, লোচন শ্যাম গোহাঁই, অনিল বড়ো, ৰাতুল হুছেইন আদি৷