বেবেজীয়াঃ পবিত্ৰ ভূমি বটদ্ৰৱাত কৃষক নেতা অখিল গগৈসহ সকলো কাৰাবন্দীক শীঘ্ৰে মুক্তিৰ দাবীত কেইবাটাও জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷
বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, অনুসূচিত জাতি সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, বটদ্ৰৱা প্ৰেছ ক্লাৱে বহুকেইটা এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি নেতাসকলৰ মুক্তিৰ দাবী জনায়।
প্ৰতিবাদকাৰীসকলে কা আন্দোলনত জড়িত থকাৰ বাবেই দীৰ্ঘদিনে কাৰাবন্দী কৰি ৰখা নেতাসকলৰ বিৰুদ্ধে এটাৰ পিছত এটা ভুৱা গোচৰ জাপি দি কাৰাৰুদ্ধ কৰি ৰখা চৰকাৰৰ এনে আক্ৰোশমূলক কাৰ্যক ধিক্কাৰ দিয়ে৷ কৃষক নেতা অখিল গগৈৰ লগতে আন সংগ্ৰামী নেতাসকলক শীঘ্ৰে বিনাচৰ্তে মুক্তিৰ লগতে অসুস্থ সংগ্ৰামী নেতাসকলক উন্নত মানৰ চিকিৎসা প্ৰদানৰ দাবী জনাই৷
প্ৰতিবাদী কাৰ্যসূচীত মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমৰ মুখ্য উপদেষ্টা প্ৰমোদ কুমাৰ দাস, সভাপতি সঞ্জীৱ দাস, কনকজিৎ দাস, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মিলন দাস, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মতিউৰ ৰহমান, নাজিৰুল ইছলামৰ লগতে বটদ্ৰৱা প্ৰেছ ক্লাবৰ কেইবাজনো সাংবাদিকে অংশগ্ৰহণ কৰে৷