ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে কৃষকৰ ওপৰত জোৰ জুলুমকৈ জাপি দিয়া ৩খনকৈ কৃষক বিৰোধী আইনৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। দেশৰ মূল শক্তি কৃষকৰ ওপৰত চৰকাৰে শোধোৱা এই মাধমাৰৰ দৃশ্যকে তুলিকাত ফুটাই তুলিছিল গোলাঘাটৰ এগৰাকী চিত্ৰশিল্পী, শিক্ষক প্ৰাঞ্জল পায়েঙে। এখন ৰুক্ষ চিৰাল ফাঁট মেলা পথাৰত জাতীয় পতাকাৰে বিদ্ধ এজন দৰিদ্ৰ কৃষকৰ এই ফটোখনৰ নাম দিয়া হৈছিল ‘অন্নদাতা’।
চিত্ৰ শিল্পীজনে নিজৰ ফেচবুক একাউণ্টত এই ফটোখন আপলোড কৰাৰ পিছতে কৃষকৰ সমৰ্থনত থিয় হৈ বহুজনেই এই ফটোখন শ্বেয়াৰ কৰে। যাৰ বাবে অতি কম সময়ৰ ভিতৰতে এই ফটোখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। কৃষকৰ সমৰ্থনৰ প্ৰতীকৰূপে ব্যৱহাৰ কৰা হয় এই ফটোখন।
কিন্তু এই ফটোখন ‘আপত্তিজনক’ আখ্যা দি নিষিদ্ধ ঘোষণা কৰা হৈছে গোলাঘাট জিলাত। গোলাঘাট আৰক্ষীয়ে ফটো খন নিষিদ্ধ ঘোষণা কৰাৰ উপৰিও চিত্ৰশিল্পী প্ৰাঞ্জল পায়েঙক কৈফিয়ৎ তলৱ কৰিবলৈ মাতি পঠিয়ায় কাৰ্যালয়লৈ। তাৰ পিছত ফেচবুক টাইমলাইনৰ পৰা ফটোখন ডিলিট কৰিবলৈ নিৰ্দেশ দিয়া হয় পায়েঙক।
কৃষকৰ দুখ, যন্ত্ৰনাক তুলিকাত ফুটাই তোলা ‘অন্নদাতা’ কিহৰ ভিত্তিত আপত্তিজনক হ’ল? সেই প্ৰশ্ন এতিয়া হাজাৰজনে সুধিলেও উত্তৰ দিব পৰা নাই গোলাঘাট জিলা প্ৰশাসনে। যাৰ বাবে এতিয়া গোলাঘাটত ফটোখন নিষিদ্ধ কৰাৰ বিৰুদ্ধে মাত মাতিছে ৰাজ্যৰ বিদ্ব্যৎ মহলে।