প্ৰবীণ বৰুৱা, মঙলদৈঃ কৃত্ৰিম বানত জলমগ্ন হৈ পৰিছে মঙলদৈ পিপৰাদোকানৰ ২২৬নং নগাঁও প্ৰাথমিক বিদ্যালয়। পটালচিংপাৰা গাঁৱৰ ৰাইজ আৰু অভিভাৱকসকলৰ অভিযোগ অনুসৰি বিদ্যালয়খনৰ পশ্চিম দিশত থকা মাটিখিনিৰ মালিক গগন কলিতাৰ মইমতালিৰ বাবে বিদ্যালয়খন বানৰ কৱলত পৰিছে৷ এবছৰ আগতে বিদ্যালয়ৰ পানী ওলাই যোৱা নলাতো ট্রেক্টৰেৰে মাটি পেলাই সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়ে গগন কলিতাই। বিদ্যালয় কৰ্তৃপক্ষই বহুবাৰ কলিতাক কোৱাৰ পিছতো আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। যোৱা কিছু দিন ধৰি স্কুলৰ চৌহদত একাঠু পানী জমা হোৱাত ছাত্ৰ-শিক্ষক মাজত হাহাকাৰৰ সৃষ্টি হয়। উপায়ন্তৰ হৈ বিদ্যালয় পৰিচালনা সমিতিয়ে গগন কলিতাক ফোনযোগে কথাটো অৱগত কৰে যদিও ওলোটাই সভাপতিগৰাকীক ধমকহে দিয়া বুলি জানিব পৰা গৈছে।