কোকৰাঝাৰঃ কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষক গৌতম দেৱ শৰ্মা শিক্ষকতাৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতে আজি উক্ত বঁটা কোকৰাঝাৰ জিলা উপায়ুক্তৰ পৰা গ্ৰহণ কৰে। কোভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ভিডিঅ’ কনফাৰেন্স যোগে গৌতম দেৱ শৰ্মাই কোকৰাঝাৰ জিলা উপায়ুক্তৰ জৰিয়তে কৃতী শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰ মানপত্ৰ গ্ৰহণ কৰে। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষক গৌতম দেৱ শৰ্মাৰ সফলতাত সকলোৱে আনন্দ প্ৰকাশ কৰিছে।