মঙলদৈঃ দৰং জিলাৰ মঙলদৈত এগৰাকী মাতৃয়ে নিজ পুত্ৰক দাৰে ঘপিয়াই হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ জিলাখনৰ কুৰুৱাত এটা মৃতদেহ পাহাৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ছিপাঝাৰৰ কুৰুৱাস্থিত কুৰুৱা বৰ্মন পথাৰ অঞ্চলত শনিবাৰে পাহাৰত এটা গাতৰ পৰা দুখন ভৰি ওলাই থকা প্ৰত্যক্ষ কৰে একাংশ লোকে৷
তাৰ পিছতে এই খবৰ বনজুইৰ দৰে বিয়পি পৰাত ৰাইজৰ সমাগম হোৱাৰ লগতে কোনো লোকে আৰক্ষীক খবৰ দিয়ে৷ পিছত আৰক্ষী উপস্থিত হৈ পাহাৰত পুতি থোৱা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে৷ ইতিমধ্যে মৃতদেহটো কুৰুৱাৰ স্থানীয় যুৱক টেগ বাহাদুৰ চাৰ্কিৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে৷ এনেদৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।
জানিব পৰা মতে, বিগত তিনি দিন ধৰি সন্ধানহীন হৈ আছিল টেগ বাহাদুৰ চাৰ্কি৷ তাৰ পিছতে আজি গাতত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় টেগ বাহাদুৰ চাৰ্কিৰ মৃতদেহ৷ যুৱকজনক হত্যা কৰি পুতি থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। পাহাৰৰ ওপৰত ভৰি দুখন উলিয়াই পুতি থোৱা অৱস্থাত একাংশ লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো৷ ছিপাঝাৰৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ কোনো লোকক আটক কৰিব পৰা নাই৷