March 25, 2023, 8:37 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কি আছে নীলমণি ফুকনৰ গোপন পত্ৰত?

Reporter Name
  • Update Time : Thursday, February 2, 2023
  • 16 Time View
ডিজিটেল ডেস্কঃ জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনৰ গোপন পত্ৰৰ ৰহস্য খোল খাব ৩ ফেব্ৰুৱাৰী৷ শুকুৰবাৰে কবি নীলমণি ফুকনে ২০০৪ চনতে তেওঁৰ বিৰুদ্ধে হোৱা বৌদ্ধিক ষড়যন্ত্ৰৰ কথা প্ৰকাশ কৰি এখন পত্ৰ লিখি সাংবাদিক নিত্য বৰাৰ হাতত জমা দিছিল আৰু তেওঁৰ মৃত্যুৰ পিছতহে সেই ‘বন্ধ খাম’ খুলিবলৈ পৰামৰ্শ দিছিল। নীলমণি ফুকনৰ পৰিয়ালে কবিৰ আদ্যশ্ৰাদ্ধৰ পাছত খামটো খুলিবলৈ আহ্বান জনোৱা পৰিপ্ৰেক্ষিতত সাংবাদিক নিত্য বৰাই ৩১ জানুৱাৰী পিছত সেই ‘বন্ধ খাম’ৰ ৰহস্য ৰাজহুৱা কৰাৰ সিদ্ধান্ত লৈছিল৷ সেই মৰ্মে ৩ ফেব্ৰুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাব বুকিং কৰা হৈছে আৰু সাংবাদিকৰ উপস্থিতিত কবিৰ মনৰ বেথা মুকলি কৰিব নিত্য বৰাই। কবি নীলমণি ফুকনে স্পেনিছ কবিৰ কবিতা নকল কৰা বুলি অভিযোগ উৎথাপন কৰা বুলি তেওঁৰ একাংশ প্ৰতিনিধিয়ে তেওঁৰ ওপৰত মানসিক নিৰ্যাতন চলোৱা বুলি ৰাজহুৱাভাৱে অপদস্থ কৰিছিল। এনে পৰিস্থিতিত কবিয়ে নিজাকৈ অনুসন্ধান চলাই সমগ্ৰ ষড়যন্ত্ৰ ধৰা পেলাইছিল আৰু বাতৰি কাকতত বিজ্ঞাপন দি প্রকৃত সত্য ধৰা পেলাইছিল। কিন্তু কোন কোন ষড়যন্ত্ৰকাৰীয়ে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ  চলাইছিল সেই কথা কবিয়ে ৰাজহুৱা কৰা নাছিল। এই ষড়যন্ত্ৰ এজন বিখ্যাত কবি আৰু তেওঁৰ জোৱাই জড়িত থকাৰ অভিযোগ উঠিছিল। শুকুৰবাৰেহে গম পোৱা যাব প্ৰকৃত সত্য।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে