বজালীঃ ‘কা’ আন্দোলনৰ সময়ত গুৱাহাটীত ছহিদ হোৱা বজালীৰ হলংবাৰী নিবাসী আব্দুল হালিমৰ ঘৰত দেওবাৰে উপস্থিত হয় কেইবাজনো শিল্পী৷ এই সকলৰ ভিতৰত কণ্ঠ শিল্পী বাবু বৰুৱা,অজয় ফুকন, নেকিব আহমেদ,দিগন্ত ভুষণ বৰ্মণ ,তান্না দেবৰাজ, নেকিব আদিকে ধৰি বহুকেইজন শিল্পী৷ শিল্পী সকলৰ সজাতি দলটোৱে ছহীদ গৰাকীৰ পিতৃ মাতৃৰ খবৰ লোৱাৰ লগতে ছহীদ গৰাকীলৈ শ্ৰদ্বাঞ্জলি নিবেদন কৰি অসমীয়া জাতিক ধ্বংসৰ মুখলৈ ঠেলি দিয়া ‘কা’ আইন আমি কেতিয়াও নামানো বুলি শ্লোগান প্ৰদান কৰি আঞ্চলটো আকাশ বতাহ মুখৰিত কৰে৷ ‘কা’ আন্দোলনৰ সময়ত ছহীদ হোৱা অসমৰ পাছ গৰাকী ছহীদৰ পৰিয়ালক চৰকাৰৰ তথা বিজেপি দলে কোনো ধৰণৰ খবৰ নোলোৱাত ক্ষোভ প্ৰকাশ কৰে শিল্পী অজয় ফুকনে৷ কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰছ দলে ছহীদ পৰিয়ালক যথেষ্ঠ পৰিমানে সন্মান প্ৰদৰ্শন কৰি আহিছে বুলি জানিবলৈ দিয়ে ৷ আনহাতে ছহীদৰ কেঁচা তেজৰ মূল্য এদিন এই বিজেপি চৰকাৰে ভৰিব লাগিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে আৰু একাংশ সতীৰ্থই সুবিধাবাদী ৰাজনীতিৰ আশ্ৰয় লোৱাৰ বাবে অসমীয়া ৰাইজে তেওঁলোকক কেতিয়াও ক্ষমা নকৰো বুলিও জানিবলৈ দিয়ে৷