গুৱাহাটীঃ এতিয়া নিৰ্বাচনৰ বতৰ৷ নিৰ্বাচনৰ বতৰত কোনো ৰাজনৈতিক দলে বহি থাকিব খোজা নাই৷ ভাগে ভাগে প্ৰচাৰত ব্যস্ত হৈ নিজ দলৰ ভেটি সবল কৰি দিছপুৰ দখলৰ পৰিকল্পনা কৰি গৈছে ৰাজনৈতিক দলসমূহে৷ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সহযোগী দল অসম গণ পৰিষদেও বহি থাকিব খোজা নাই৷ দলৰ বৰ্তমানৰ নেতৃত্বই দলটোৰ জ্যেষ্ঠ-কনিষ্ঠ নেতাসকলক একত্ৰিত কৰি দলৰ ভেটি শক্তিশালী কৰিবলৈ উঠি-পৰি লাগিছে৷
কিছুদিন পূৰ্বে দলৰ বৰ্তমানৰ নেতৃত্বৰ বিপৰীত মেৰুত থিয় দিয়া দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সৈমান কৰি দলত সক্ৰিয় কৰাৰ উদ্দেশ্যে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে সাক্ষাৎ কৰিছিল৷ আনহাতে দলটোৰ বিশেষ অধিবেশন অনুষ্ঠিত হ’ব ২৭ আগষ্টত৷
অসম আন্দোলনৰ পটভূমিত ৮৫৫জনৰ তেজৰ বিনিময়ত জন্ম লাভ কৰা অসম গণ পৰিষদৰ বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে অধিবেশনৰ যাৱতীয় কাম-কাজ৷
দলটোৰ বিষয়-ববীয়াই জনোৱা মতে বুধবাৰে পুৱা ৯ বজাত দলীয় পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰি অধিবেশনৰ কাৰ্যসূচী আৰম্ভ হ’ব৷ দিনৰ ১১ বজাৰ পৰা দলটোৰ সকলো প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হ’ব সাংগঠনিক সভা৷ চৰ্চা মতে, এই সভাত পুনৰ অতুল বৰাই সভাপতি নিৰ্বাচিত হোৱাৰ লগতে কেশৱ মহন্তই কাৰ্যকৰী সভাপতি নিৰ্বাচিত হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ আনহাতে আন একাংশৰ মতে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সভাপতিৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চৰ্চা চলিছে৷