March 28, 2023, 9:13 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্মৰ প্ৰতিকৃতি দাহ, পশুপালন বিভাগ ব্যৰ্থ বিভাগ বুলি দাবী

Reporter Name
  • Update Time : Monday, August 31, 2020
  • 319 Time View

বোকাজানঃ যোৱা কেইটামান মাহ ধৰি কাৰ্বি আংলং জিলা পশুপালন বিভাগৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ ভুমিকা পালন কৰি অহা কাৰ্বি আংলং জিলাৰ অগ্ৰণী ছাত্ৰ সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উছুকাই সোমবাৰে জিলাখনৰ সদৰ চহৰ ডিফু আৰু বকলীয়াঘাটত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কৰে। পশুপালন বিভাগত অব্যাহত থকা দুৰ্নীতিৰ বিৰুদ্ধে সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

সোমবাৰে দিনৰ প্ৰায় ১১ বজাত ডিফু চহৰস্থিত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ সমীপত তথা বকলীয়াঘাটৰ কাৰ্বি বজাৰত সংগঠনটোৰ নেতা-কৰ্মীসকলে কাৰ্যবাহী সদস্যগৰাকীৰ প্ৰতিকৃতি দাহ কৰে। কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰি সংগঠনটোৰ সভাপতি বিবিচন টেৰণে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত আটাইকেইটা চৰকাৰী বিভাগৰ ভিতৰতে পশুপালন বিভাগ সবাতোকৈ ব্যৰ্থ বিভাগ বুলি অভিহিত কৰি জিলা পশুপালন বিষয়া ডা০ দিলীপ মহন্তৰ অযোগ্যতা আৰু ব্যৰ্থতাৰ বাবে আজি এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰে।

আনহাতে বিভাগটোক নেতৃত্ব প্ৰদান কৰাত বিভাগটোৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্মই প্ৰদৰ্শন কৰা ব্যৰ্থতাৰ প্ৰতিবাদতে সংগঠনটোৱে এনে কাৰ্যসূচী হাতত লোৱা বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে। দুৰ্নীতিগ্ৰস্ত জিলা পশুপালন বিষয়াগৰাকীৰ বিৰুদ্ধে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে ছাত্ৰ নেতাগৰাকীয়ে।

আনহাতে বকলীয়াঘাটত প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰি নিজ মন্তব্যত সংগঠনটোৰ সাধাৰণ সম্পাদক জিণ্টু হাজৰিকাই দুৰ্নীতি মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰখনে জিলাখনৰ পশুপালন বিভাগৰ দুৰ্নীতিৰ বিৰুদ্ধে নীৰৱ ভুমিকা গ্ৰহণ কৰি অহা কাৰ্যই চৰকাৰখনৰ দুৰ্নীতিবিৰোধী মুখা খোল খুৱাই দিয়া বুলি ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদকাৰীসকলে লগতে তৰেন্দ্ৰ ব্ৰহ্ম মুৰ্দাবাদ, ডা০ দিলীপ মহন্ত মুৰ্দাবাদ, উছুকা চিন্তাবিদ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে