প্ৰাণদ্বীপ চেতিয়া, বোকাজানঃ গেৰ ধৰা ধানৰ ঠোকত আক্ৰমণ কৰি গৈছে পোকে৷ শুৰপোক, মজ্জা-খোৱা পোকে ধানৰ পাতত কণী পৰাত হালধীয়া পৰিছে খেতি পথাৰ৷ মহামাৰীৰ পিছত বান আৰু এইবাৰ পোকে তাণ্ডৱ চলাইছে কৃষকৰ পথাৰত৷ ভূতৰ ওপৰত দানহ পৰা দি মাৰাত্মক শুৰপোকৰ আক্ৰমণে অন্য এক জটীল পৰিৱেশৰ সৃষ্টি কৰিছে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ বৃহৎ কৃষি প্ৰধান এলেকাত।
প্ৰায় এসপ্তাহ ধৰি বোকাজানৰ কেইবা শ বিঘা কৃষিভূমিত শুৰপোকে তাণ্ডৱৰ চলোৱাৰ ফলত নিমিষতে বিনষ্ট হৈছে একো একোখন বিশাল পথাৰ। শেহতীয়াকৈ বোকাজানৰ ৰাঞ্চিগাঁও, বাঘজান, মাজগাঁও, নেপেৰপট্টি আদি গাঁৱৰ ৫০০ বিঘাতকৈ অধিক কৃষিভূমিত শুৰপোকৰ আক্ৰমণৰ ফলত বৃহত্তৰ এলেকাৰ শস্য সম্পূৰ্ণৰূপে বিনষ্ট হয়।
ভূক্তভোগী কৃষকসকলে জানিবলৈ দিয়া মতে, যোৱা প্ৰায় ১০ দিন পূৰ্বে বাঢ়নী পানীৰ সৈতে কৃষিভূমিলৈ উটি আহিছে শুৰপোকৰ জাক৷ এই পোকৰ জাকে নিশাটোৰ ভিতৰতে এক বিস্তীৰ্ণ এলেকাৰ ধানগছ কুটি নষ্ট কৰি পেলোৱাৰ ফলত ভীষণ সমস্যাৰ সন্মুখীন হৈছে দৰিদ্ৰ কৃষকসকল। অঞ্চলটোৰ এক বিশাল এলেকা আৱৰি ধৰাত শুৰপোক নিয়ন্ত্ৰণ কৰিব নোৱাৰি মূৰে কপালে হাত দিবলগীয়া হৈছে দৰিদ্ৰ কৃষকসকলে।
কৃষকৰ হাতত অৰ্থ৷ তথাপিও কৃষকসকলে গাঁঠিৰ ধন ভাঙি পথাৰত ইতিপূৰ্বে বহু কীটনাশক ব্যৱহাৰ কৰিছে যদিও শুৰপোকৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ পৰা নাই বুলিও জানিবলৈ দিছে। ইয়াৰ মাজতে আজি কৃষি বিভাগৰ দুগৰাকী বিষয়া ক্ষতিগ্ৰস্ত এলেকাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে শুৰপোকৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কৃষকসকলক পথাৰৰ আলিসমূহত কেৰাচিন, মালাথিয়ানডাছ, চেভেনডাছ আদি ছটিয়াই দিয়াৰ পৰামৰ্শ দিয়ে।
চৰাই-চিৰিকটিয়ে যাতে পোকসমূহ খাব পাৰে তাৰবাবে পথাৰত জেং আদি পুতি দিবলৈও কৃষকসকলক পৰামৰ্শ দিয়ে। এই সন্দৰ্ভত জিলা কৃষি বিভাগৰ ডিফুস্থিত মুখ্য কাৰ্যালয়লৈ বাৰ্তা প্ৰেৰণ কৰাৰ লগতে শুৰপোকৰ আক্ৰমণৰ পৰা কৃষিভূমি ৰক্ষা কৰাৰ বাবে শীঘ্ৰে কীটনাশক যোগান ধৰা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে বিষয়া দুগৰাকীয়ে। ন ধানে গেৰ মেলিবলৈ লোৱাৰ সময়তে শুৰপোকৰ আক্ৰমণত বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা কৃষকসকলে ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰক দাবী জনাইছে।