বোকাজানঃ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পাহাৰীয়া জিলা কাৰ্বি আংলংলৈ প্ৰবেশ কৰা প্ৰতিটো প্ৰবেশ পথত স্বায়ত্ব শাসিত পৰিষদৰ অধীনস্থ একোখনকৈ এন্ট্ৰি টেক্স গেট আছে আৰু এই গেটসমূহ এবছৰৰ বাবে কৰ সংগ্ৰহ কৰিবলৈ নিবিদাৰ আহ্বান কৰা হয়। কেৱল এবছৰৰ বাবে কৰ সংগ্ৰহৰ কৰিবলৈ দিয়া পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত থকা মুঠ ৩০ খন এন্ট্ৰী টেক্সক লৈ পূৰ্বৰে পৰা বিতৰ্কৰ সূত্ৰপাত হৈ আহিছে।
ইয়াৰ মাজতে ৩৯ নং আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ দুটাতকৈ থকা কৰ সংগ্ৰহকাৰী গেট দুখনত যান-বাহনৰ পৰা দাবী-ধমকিৰে অত্যধিক পৰিমাণৰ মাছুল সংগ্ৰহ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি আজি উত্তপ্ত হৈ পৰে জিলাখনৰ বোকাজান নগৰ। বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই আজি উক্ত বিষয় সন্দৰ্ভত বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
স্মাৰকপত্ৰ প্ৰেৰণৰ পিছত বোকাজান বিলাতী মাটি কাৰখানাৰ অতিথিশালাত ছাত্ৰ সন্থাই এক সংবাদমেল অনুষ্ঠিত কৰি প্ৰবেশ কৰ সংগ্ৰহৰ ক্ষেত্ৰত গেট দুখনৰ কৰ্তৃপক্ষই দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰে। আনহাতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বোকাজান আঞ্চলিক সমিতি আৰু কাৰ্বি ছাত্ৰ সন্থাইও আজি পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত টেক্স গেটসমূহে এনেদৰে অবৈধভাৱে মাত্ৰাধিক পৰিমাণৰ কৰ সংগ্ৰহ কৰা কাৰ্যৰ বিৰুদ্ধে গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংগঠনকেইটাই বোকাজানৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী, কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু জিলা উপায়ুক্তলৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
তিনিওটা ছাত্ৰ সংগঠনে প্ৰেৰণ কৰা স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি কাৰ্বি আংলং জিলাত প্ৰৱেশ কৰিবলগীয়া যিকোনো বাণিজ্যিক বাহনৰ পৰা এই গেটসমূহে ন্যূনতম এটকাৰ পৰা সৰ্বাধিক দহ টকাকৈ সংগ্ৰহ কৰিব পাৰে। যদিহে কৰ সংগ্ৰহ কৰিবলৈ পোৱা লেচীয়ে অবৈধভাৱে ইয়াতকৈ অতিৰিক্ত পৰিমাণৰ মাছুল সংগ্ৰহ কৰে তেন্তে এই প্ৰবেশ কৰ সংগ্ৰহ কৰা গেটসমূহৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ কৰা আছে।
কিন্তু অতি পৰিতাপৰ বিষয় যে যিসকল লেচীয়ে এই গেট সমূহত কৰ সংগ্ৰহ কৰিবলৈ অনুমতি পাই তেওঁলোকে চৰকাৰৰ স্পষ্ট নীতি-নিৰ্দেশনা থকাৰ পিছতো কাৰ্বি স্বায়ত্ব পৰিষদৰ সকলো নীতি নিয়ম ভৰিৰে মোহাৰি একো-একোখন বাহনৰ পৰা দাবী-ধমকি দি কেইবা হাজাৰ টকা পৰ্যন্ত আদায় কৰি আহিছে। টেক্স গেটসমূহত সংঘটিত হৈ অহা এনে দুৰ্নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ তিনিওটা সংগঠনৰ নেতৃত্বই কয় যে সম্পূৰ্ণ নীতি বৰ্হিভূতভাৱে কাৰ্বি আংলং জিলাৰ প্ৰৱেশ পথসমূহত যান বাহনসমূহৰ পৰা জোৰ জুলুমকৈ অত্যধিক পৰিমাণৰ কৰ সংগ্ৰহ কৰি অহা টেক্স গেটসমূহৰ বিৰুদ্ধে অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত অধিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব।
আজি পৃথকে পৃথকে গ্ৰহণ কৰা কাৰ্যসূচী দুটাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ হৈ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া, কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সভাপতি ভৱজ্যোতি বৰা, সহকাৰী সম্পাদক অৰ্ণবজ্যোতি কাকতি, আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু যুৱ-ছাত্ৰ পৰিষদ কাৰ্যসূচীত উপস্থিত থাকে কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনৰ লগতে আঞ্চলিক সমিতি তথা কাৰ্বি ছাত্ৰ সন্থাৰ বিষয়ববীয়া।