বোকাজানঃ আজি কাৰ্বি আংলং আৰক্ষীয়ে এক অভিযান চলাই কাৰ্বি আংলংৰ সক্ৰিয় বিদ্ৰোহী সংগঠন পিপলছ ডেমক্ৰেটিক ছলিডাৰিটি অৱ কাৰ্বি লংৰি চমুকৈ পিডিচিকেৰ এটা ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়৷ কাৰ্বি আংলংৰ চকীহোলা আৰক্ষী আৰু সেনাৰ এক যুটীয়া অভিযানত চকীহোলা আৰক্ষী থানাৰ অন্তৰ্গত ডেংগা নামৰ অঞ্চলৰ পৰা পিডিচিকেৰ এজন চাৰ্জেণ্ট মেজৰক বিস্ফোৰক সহ আটক কৰিবলৈ সক্ষম হয় ৷
ধৃত চাৰ্জেণ্ট মেজৰ জনৰ নাম হ’ল ব’নেট টেৰণ ৷ উল্লেখ্য যে এক গোপন সূত্ৰৰ ভিত্তিত কাৰ্বি আংলংৰ আৰক্ষী অধীক্ষকৰ তত্ত্বাৱধানত চলা এই অভিযানত হস্তনিৰ্মিত কে’বাটাও বোমা উদ্ধাৰ কৰাৰ লগতে বেটাৰী, ৰিমোট তথা অন্যান্য আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে৷ হস্তনিৰ্মিত এই বোমা কেইটা আই.ই.ডি বুলি বিশেষ সূত্ৰে প্ৰকাশ ৷ এই পর্যন্ত আৰক্ষীয়ে অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে চলিত মাহত কাৰ্বি আংলং আৰক্ষীয়ে গঁড়ৰ চোৰাং চিকাৰী আৰু কাৰ্বি বিদ্ৰোহী সংগঠন পিডিচিকেৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এটা মাহৰ ভিতৰতে কাৰ্বি আংলং আৰক্ষীয়ে কেইবাটাও সফল অভিযান চলাবলৈ সক্ষম হোৱা কাৰ্যত জিলাখনৰ সচেতন মহলে আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী নেতৃত্বাধীন কাৰ্বি আংলং আৰক্ষীৰ ভূয়সী প্ৰশংসা কৰিছে।