বোকাজানঃ কাৰ্বি আংলং জিলাত ভয়াবহভাৱে মহামাৰী কৰ’নাত আক্ৰান্ত হৈছে শিক্ষক সমাজ। অসম চৰকাৰৰ শিক্ষা বিভাগে অলপতে ১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয়ত উপস্থিতি বাধ্যতামূলক ঘোষণা কৰি শিক্ষকসকলক ইয়াৰ পূৰ্বেই ক’ভিড-১৯ ৰ পৰীক্ষা সম্পন্ন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল। উক্ত চৰকাৰী নিৰ্দেশনাৰ পিছতে শিক্ষকসকলৰ দেহত কৰ’নাৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছতে জিলাখনৰ বুজন সংখ্যক শিক্ষক-শিক্ষয়িত্ৰী কৰ’নাত আক্ৰান্ত হৈ থকাৰ তথ্য পোহৰলৈ আহে। জানিব পৰা মতে জিলাখনত বৰ্তমান পৰ্যন্ত অৰ্ধেক সংখ্যক শিক্ষক-শিক্ষয়িত্ৰীৰ ক’ভিড-১৯ ৰ পৰীক্ষা সম্পন্ন হোৱা নাই। বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৩ জনকৈ শিক্ষক-কৰ্মচাৰী একেদিনাই কৰ’নাত আক্ৰান্ত হৈ সম্প্ৰতি চিকিৎসাধীন। বিদ্যালয়ৰ আন কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ ক’ভিড-১৯ ৰ পৰীক্ষা এতিয়াও সম্পন্ন হোৱা নাই। এনে পৰিস্থিতিয়ে শিক্ষক সমাজৰ লগতে জিলাখনৰ সচেতন মহলকো শংকিত কৰি তোলিছে। অৱশ্যে, পৰ্যায়ক্ৰমে জিলাখনৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ ক’ভিড-১৯ ৰ পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে। ইফালে জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভালেসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী কৰ’নাত আক্ৰান্ত হোৱাৰ লগতে পাহাৰীয়া জিলাখনত কৰ’নাক কেন্দ্ৰ কৰি এক জটিল পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। যোৱা ২৪ ঘণ্টাত জিলাখনত ক’ভিড-১৯ ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দুহেজাৰৰ সীমা অতিক্ৰম কৰা বুলি জানিব পৰা গৈছে। কৰ’না আক্ৰান্ত ৰোগীৰ বাবে চিকিৎসালয়ত সীমিত পৰিমাণৰ আসন থকাৰ বিপৰীতে দৈনিক ব্যাপক হাৰত কৰ’না আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাটো এক উদ্বেগজনক বিষয় হিচাপে পৰিগণিত হৈছে। আনহাতে, ডিমা হাচাও জিলাৰ উপায়ুক্ত পল বৰুৱা আজি ক’ভিড-১৯ ত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। দেহত ক’ভিড-১৯ ৰ উপস্থিতি নিশ্চিত হোৱাৰ পিছতে উপায়ুক্তগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে।