বোকাজানঃ কাৰ্বি আংলং জিলাৰ স্বায়ত্ব শাসিত পৰিষদৰ লগতে পৰিষদৰ কৃষি বিভাগত কৰ’না পজিটিভ ৰোগী পোৱাৰ পিছত এইবাৰ ডিফুৰ জিলা ও সত্ৰ ন্যায়াধীশৰ আদালত চৌহদতো এজনৰ ক’ভিড পজিটিভ পোৱাত চহৰখনত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি ক্ৰমান্বয়ে বৃদ্ধি পাই অহা ক’ভিড ৰোগীৰ সংখ্যা আৰু গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ বিভিন্ন কাৰ্যালয় আৰু বিশেষ স্থান সমূহত ডিফু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ক’ভিড টেষ্ট পৰ্যায়ক্ৰমে কৰি আছে ৷ সেই মৰ্মে যোৱা ৯ জুলাইত ডিফুস্থিত জিলা ও সত্ৰ ন্যায়াধীশৰ আদালত চৌহদতো আদালত ষ্টাফ আৰু আদালত চৌহদত থকা লোক সকলৰ স্বাৱ টেষ্ট কৰা হয় ৷
সেইদিনা আদালত চৌহদত স্বাৱ টেষ্ট কৰোৱা সকলৰ ফলাফল এজনৰ বাহিৰে আটাইৰে নিগেটিভ আহে ৷ পজিটিভ অহা লোক জন হ’ল আদালত চৌহদতে থকা কেণ্টিনৰ স্বত্বাধিকাৰী দীপক যাদৱ (৩৪) ৷ উল্লেখ্য যে দীপক যাদৱ পেচাত এগৰাকী ঠিকাদাৰ লগতে আদালত চৌহদত থকা কেন্টিন খনৰ মালিক ৷
কেণ্টিনখনত গ্ৰাহকৰ ৰূপত ফৰিয়াদী, আচামী উকিল ,তৰণীৰ লগতে আদালত ষ্টাফৰ লোকেও চাহ পান কৰে ৷ ইয়াৰোপৰি আদালত চৌহদৰ কেইবাজনো লোক তেওঁৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে ৷ দীপক যাদৱ ক’ভিড পজিটিভ ওলোৱাৰ পিছত কৰ’নাৰ কঠোৰ গাইডলাইন অনুসৰণ কৰি থকা আদালত চৌহদত থকা লোক সকল শংকিত হৈ পৰিছে ৷
আনহাতে দ্বিতীয় বাৰ স্বাৱ টেষ্টত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংৰ পত্নী-পুত্ৰৰ লগতে ইএম অমৰছিং তিচ’ ৰূপছিং টেৰণৰ ক’ভিড ৰিজাল্ট নিগেটিভ ওলোৱাৰ বিপৰীতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ইএম খনছিং ৰংপি ক’ভিড ৰিজাল্ট পুনৰ পজিটিভ পোৱা গৈছে ৷