বোকাজানঃ ৰাজ্যত কোৱিড-১৯ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ সময়তে ক’ৰোনাত আক্ৰান্ত যুৱকৰ মৃত্যুৰ ঘটনাই কাৰ্বি আংলং জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তামিলনাডুৰ চেন্নাইৰ পৰা কাৰ্বি আংলং জিলাৰ লাংহিন বেলতলাৰ ঘৰলৈ অহা ২১ বছৰীয়া সঞ্জয় খাখলাৰীয়ে মৃত্যুক আকোৱালি লোৱাৰ খবৰে চিন্তিত কৰিছে জিলাখনৰ ৰাইজক৷
১৬ জুনত বিমানযোগে চেন্নাইৰ পৰা গুৱাহাটীত উপস্থিত হৈছিল সঞ্জয়৷ সন্ধিয়া কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী পাৰখোৱাত স্বাস্থ্য বিভাগে যুৱকজনৰ নমুনা সংগ্ৰহ কৰে। গৃহজিলাত প্ৰৱেশৰ সময়ত স্বাস্থ্য পৰীক্ষাত যুৱকজনৰ স্বাস্থ্য সুস্থিৰ নাছিল। ইয়াৰ পিছত পুৱতি নিশা প্ৰায় দুই বজাত বকলীয়াঘাটৰ চূনপোৰা হাইস্কুলস্থিত কোৱাৰান্টাইন কেন্দ্ৰলৈ যুৱকজনক কোৱাৰাণ্টাইন কৰিবলৈ অনা হয়।
পুৱা যুৱকজনে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগাত তৎকালে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ কোৱিড-১৯ৰ শাখাত ভৰ্তি কৰোৱা হয়। প্ৰথমে যুৱকজন স্বাভাৱিক অৱস্থাত আছিল যদিও সন্ধিয়া তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। যুৱকজনক ভেন্টিলেটৰত ৰখাৰ চেষ্টা কৰা হয় যদিও উক্ত সময়তে যুৱকজনৰ মৃত্যু হয়। যুবকজনৰ মৃত্যুৰ পিছত বৃহস্পতিবাৰে (১৮ জুন) পুৱা ক’ৰোনা পৰীক্ষাৰ ফলাফল পজিটিভ ধৰা পৰে।
উল্লেখ্য যে, যুৱকজনৰ মৃত্যুৰ পিছতে ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ মৃত্যুৰ লোকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পালে৷ বিপৰীতে কাৰ্বি আংলঙত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২ জনলৈ বৃদ্ধি পালে। যোৱা ৮ জুনত বকলীয়াঘাটৰ অৰুণ কাকতি নামৰ এজন লোক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছিল।
আনহাতে, ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা সঞ্জয় খাখলাৰীৰ ওপজা গাঁও লাংহিনৰ বেলতলাতে শেষকৃত্য সম্পন্ন কৰা হয়। সকলো নীতি-নিয়ম মানি যুৱকজনৰ অন্তিম সংস্কাৰৰ সময়ত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি, স্থানীয় এম এ চি তথা কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্ম, অতিৰিক্ত উপায়ুক্ত ৰাজেচন তেৰাং, উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়া, সঞ্জয় খাখলাৰীৰ জ্যেষ্ঠ ভাতৃ তথা কেইজনমান গাঁৱৰ লোকৰ উপস্থিতিত বিয়লি এক বজাত যুৱকজনৰ শেষকৃত্য সম্পন্ন কৰা হয়৷