বোকাজানঃ আজি কাৰ্বি আংলং আৰক্ষীয়ে বিশেষ সূত্ৰৰ ভিত্তিত এক বৃহৎ অভিযান চলাই কাৰ্বি আংলংৰ সক্ৰিয় বিদ্ৰোহী সংগঠন পিপলছ ডেমক্ৰেটিক কাউঞ্চিল অফ কাৰ্বি লংৰি চমুকৈ পিডিচিকেৰ এটা সশস্ত্ৰ দলে আশ্ৰয় লৈ থকা এটা ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ সূত্ৰ অনুসৰি ডকমকা আৰক্ষী থানাত পঞ্জীয়ন হোৱা ১৯/২০, ইউ/এছ ৩৬৪ এ/৩৮৬ আইপিচি নম্বৰৰ গোচৰৰ ভিত্তিত আজি পুৱতি নিশা ১২-৩০ বজাৰ পৰা ৪ বজাৰ ভিতৰত তিনিঘণ্টাৰো অধিক সময় চলা কাৰ্বি আংলং আৰক্ষীৰ এই অভিযানত ডকমকা থানাৰ অন্তৰ্গত থেৰেবাচা গাঁৱৰ পৰা আৰক্ষীয়ে চাৰিজনকৈ বিদ্ৰোহী সদস্য আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন সদস্য কেইজন হৈছে ক্ৰমে দেইথৰ আৰক্ষী থানাৰ অন্তৰ্গত আপাৰ দেইহৰি গাঁৱৰ বাসিন্দা মানিক টেৰাংৰ পুত্ৰ পিডিচিকেৰ প্ৰাক্তন স্বয়ম্ভু সেনা প্ৰধান তথা বৰ্তমানৰ গৃহ সচিব ফ্ৰান্সিছ টেৰাং (২৮) ওৰফে ডেভিদ মুকৰাং, বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত খান’ৰি গাঁৱৰ বাসিন্দা যাদৱ ৰেংমাৰ পুত্ৰ স্বয়ম্ভু চাৰ্জেণ্ট নামন ৰিচি ৰেংমা (২৪) ওৰফে আখাবি ৰেংমা, নতুনকৈ সংগঠনটোত ভৰ্তি হোৱা দুই সদস্য ক্ৰমে ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত চাই ইংতি গাঁৱৰ বাসিন্দা লংকি ইংতিৰ পুত্ৰ ৰুছভেল্ট ইংতি (১৮) আৰু ডিফু আৰক্ষী থানাৰ অন্তৰ্গত ৰংফাংবং গাঁৱৰ বাসিন্দা কেনছিং ৰংপিৰ পুত্ৰ আংটং ৰংপি (১৯)।
বিদ্ৰোহী কেইটাৰ লগতে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দহ ৰাউণ্ড সজীৱ গুলী আৰু দুটা মেগজিনসহ দুটা ৭.৬৫ পিষ্টল, নগদ তিনিলাখ এহেজাৰ পঞ্চাছ টকা, পিডিচিকেৰ কেইখনমান পেডসহ ডিমাণ্ড লেটাৰ, দুযোৰ সামৰিক পোছাক, এটা লেপটপ, ৯খন চিমকাৰ্ড সহ চাৰিটা ম’বাইল ফোন, চাৰিযোৰ বুট জোতাকে ধৰি শিবিৰত ব্যৱহৃত অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আজিৰ এই অভিযানৰ নেতৃত্ব দিছিল কাৰ্বি আংলংৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিস্মা, বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাস আৰু ডকমকা, খটখটী, ডিলাই, ৰংমংৱে, মাঞ্জা থানাৰ আৰক্ষী বাহিনীৰ লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়েও আজিৰ এই অভিযানত সহযোগ কৰিছিল৷
উল্লেখ্য যে কাৰ্বি আংলং আৰক্ষীয়ে যোৱা ১ জুনত কাজিৰঙাত সংঘটিত গড় হত্যাৰ লগত জড়িত চোৰাং চিকাৰীৰ এটা বৃহৎ ঘাটি উৎখাত কৰাৰ লগতে তিনিটাকৈ চোৰাং চিকাৰী আটক কৰাৰ উপৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। এটা সপ্তাহৰ ভিতৰতে কাৰ্বি আংলং আৰক্ষীয়ে দুটাকৈ সফল অভিযান চলাবলৈ সক্ষম হোৱা কাৰ্যত জিলাখনৰ সচেতন মহলে আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী নেতৃত্বাধীন কাৰ্বি আংলং আৰক্ষীৰ ভূয়সী প্ৰশংসা কৰিছে ৷