প্ৰাণদ্বীপ চেতিয়া, বোকাজানঃ কাৰ্বি পাহাৰৰ মাঞ্জা বজাৰ এলেকাৰ পৰা আজি আৰক্ষীয়ে ১৯ বস্তা চুৰি চাউলসহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি মাঞ্জাৰ স্থানীয় ব্যৱসায়ী আব্দুল মজিদৰ পৰা কালি এজন যুৱকে ব্যৱসায়ীগৰাকীৰ মাহিন্দ্ৰা পিক আপ বাহনখন ভাড়ালৈ নিয়ে।
ইয়াৰ পিছতে যুৱকজনে অজ্ঞাত স্থানৰ পৰা ১৯ বস্তা চাউল আনি ব্যৱসায়ীগৰাকীৰ ভাৰতীয় ষ্টেট বেংকৰ মাঞ্জা শাখাৰ সমীপত থকা গেৰেজত জমা কৰি ৰাখে। যুৱকজনৰ আচৰণত সন্দেহ হোৱাত ব্যৱসায়ীগৰাকী আজি মাঞ্জা আৰক্ষীৰ কাষ চপাত মাঞ্জা আৰক্ষীয়ে তৎপৰতাৰে চুৰি চাউলসমূহ জব্দ কৰাৰ লগতে এই সন্দৰ্ভত মাঞ্জাৰ ৰাহুল দাস ওৰফে পিকলু নামৰ যুৱকজনকো গ্ৰেপ্তাৰ কৰে।