শ্ৰীনগৰঃ বৃহস্পতিবাৰে শ্ৰীনগৰত বিশেষ ধৰ্মাৱলম্বি লোকক লক্ষ্য হত্যাৰ পিছতে শ শ কাশ্মীৰী পণ্ডিতে প্ৰতিবাদ সাব্যস্ত কৰে। বিশেষকৈ কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ চৰকাৰী কৰ্মচাৰীসকলে উপত্যকা ত্যাগ কৰাৰ লগতে জম্মুলৈ পলায়নৰ ভাবুকি দি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চাকৰি পেকেজ পৰিকল্পনা বিফল কৰাৰ ভাবুকি দিয়ে প্ৰতিবাদকাৰীয়ে।
প্ৰতিবাদকাৰী কাশ্মীৰী পণ্ডিতসকলে উপত্যকা এৰি যোৱাৰ কথা কয়। আজি ৰাজস্থানৰ এজন বেংক মেনেজাৰক কুলগামত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে৷ যোৱা তিনি দিনত হিন্দুসকলৰ ওপৰত দ্বিতীয় আক্ৰমণ। তিনি সপ্তাহ ধৰি শ্ৰীনগৰত প্ৰতিবাদৰ নেতৃত্ব দি থকা অমিত কৌলে শ্ৰীনগৰ-জম্মু ঘাইপথৰ পৰা এখন ফটো শ্বেয়াৰ কৰে আৰু এনডিটিভিক কয় যে ৰামবান জিলাৰ ৰামচু পাৰ হৈ আজি সন্ধিয়া জম্মুত উপস্থিত হৈছে বহু লোক। নিজ স্থান এৰি যোৱাত বাধা দিবলৈ কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে বেৰিকেড স্থাপন কৰে আৰু পৰিবহন গেট বন্ধ কৰি দিয়ে।
যোৱা মাহত বুদগামত দণ্ডাধীশৰ কাৰ্যালয়ৰ ভিতৰত কাশ্মীৰী পণ্ডিত ৰাহুল ভাট নামৰ এজন কাশ্মীৰী পণ্ডিতক গুলীয়াই হত্যা কৰাৰ পিছৰে পৰা নিৰন্তৰ প্ৰতিবাদ হৈ আহিছে। একে সময়তে শ্ৰীনগৰ বিমানবন্দৰত কাশ্মীৰী পণ্ডিতসকল বৃহৎ সংখ্যাত বাহিৰলৈ যোৱাৰ উৰাবাতৰি অস্বীকাৰ কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই।
বিমানবন্দৰ কৰ্তৃপক্ষই অফিচিয়েল হেণ্ডেলৰ পৰা টুইট কৰি আমি এই উৰাবাতৰিটো অস্বীকাৰ কৰিছো বুলি কয়। আমি দৈনিক ১৬ হাজাৰ পৰা ১৮ হাজাৰ যাত্ৰী নিয়ন্ত্ৰণ কৰো। আজিও যাত্ৰীৰ সংখ্যা একেই আছে। উৰাবাতৰি দৰে বিমান বন্দৰত সংখ্যালঘু সম্প্ৰদায়ৰ বৃহৎ ভিৰ নাই। অনুগ্ৰহ কৰি এনে উৰাবাতৰি বিয়পাই নিদিব বুলি কয় বিমানবন্দৰ কৰ্তৃপক্ষই৷
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে কাশ্মীৰৰ পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। শ্বাহে কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাকো বৈঠকৰ বাবে দিল্লীলৈ নিমন্ত্ৰণ কৰিছে। গৃহমন্ত্ৰীয়ে গভৰ্ণৰ মনোজ সিনহাকো সুধিব পাৰে যে কেন্দ্ৰই ইমান প্ৰচেষ্টা কৰাৰ পিছতো প্ৰশাসনে উপত্যকাৰ হিন্দু সম্প্ৰদায়ক নিৰাপত্তাৰ আশ্বাস দিবলৈ সক্ষম হোৱা নাই কিয়।