ডিজিটেল ডেস্কঃ কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ চলিত বৰ্ষৰ দ্বিতীয়খন বৈঠক মঙলবাৰে অতিৰিক্ত উপায়ুক্ত সিদ্বাৰ্থ গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে আদৰণি ভাষণেৰে আৰম্ভ কৰা বৈঠকত সমিতিৰ সদস্য-সচিব তথা জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাই বৈঠকৰ উদ্দেশ্য বাখ্যা আগবঢ়ায়। জিলা পৰিবহণ বিষয়া গৰাকীয়ে জিলাখনত পথ দুৰ্ঘটনা এই বছৰত ২০ শতাংশ হ্ৰাস পাইছে বুলি মন্তব্য প্ৰদান কৰে।
উক্ত অনুষ্ঠানটিত নতুন নিৰ্দেশনা অনুসৰি লোক নিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা অথবা কাৰ্যবাহী অভিযন্তাক সদস্য-সচিব হিচাপে লৈ জিলা পথ সুৰক্ষা সমিতিখন পুনৰ গঠন কৰা সম্পৰ্কে আলোচনা কৰা হয়। এই সম্পৰ্কত প্ৰযোজনীয় জাননী জাৰি কৰাৰ পদক্ষেপ লবলৈ অতিৰিক্ত উপায়ুক্ত গোস্বামীয়ে নিৰ্দেশ দিয়ে। বৈঠকত ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী উপ-পথত প্ৰয়োজনীয় গতিৰোধক, নিৰ্দেশনা ফলক, ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপৱৰ্তী বিদ্যালয়, মহাবিদ্যালয় সমূহৰ পথ সুৰক্ষাৰ ব্যাৱস্থাপনা, বিদ্যালয়ৰ বাছ সমূহত চি চি টি ভি কে ধৰি প্ৰয়োজনীয় সা-সুবিধা সন্নিৱিষ্টকৰণৰ নিৰীক্ষণৰ প্ৰতিবেদন ইত্যাদি বিষয় সমূহৰ ওপৰত বিতং আলোচনা কৰা হয়। লগতে ভাৰতীয় খাদ্য নিগমৰ সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ উপযুক্ত পাৰ্কিংৰ ব্যৱস্থাপনা সম্পৰ্কত আলোচনা কৰা হয় আৰু এই দিশত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ পোষকতা কৰা হয়। স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, এন এইছ এ আই, লোক নিৰ্মাণ, আৰক্ষী ইত্যাদি বিভাগৰ জেষ্ঠ বিষয়া সকল উপস্থিতত সুকলমে বৈঠকখনৰ সমাপ্তি হ’য়।