February 6, 2023, 8:57 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি নগাঁও-মৰিগাঁৱৰ সীমান্তৱৰ্তী কহুঁৱাআটীত আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘৰ স্থাপনা সমাৰোহ সম্পন্ন মিছন বসুন্ধৰা আঁচনিৰ আবেদনৰ অন্তিম দিন ৩১ মাৰ্চলৈ বৃদ্ধি নগাঁৱৰ হিন্দু মিলন মন্দিৰত মাঘী পূৰ্ণিমা উদযাপন হিমালয়ৰ পাদদেশ আছে বিপদজনক অৱস্থাতঃ তুৰস্কৰ ভূমিকম্পত ২০০ জনৰ প্ৰাণহানি ইটোৰ পিছত সিটো বিৰ্তকই লগ এৰা নাই এজন ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰক কাছাৰত চাঞ্চল্যকৰ ঘটনাঃ প্ৰেমিকৰ সৈতে সোনকালে বিয়া হ’ব নোৱাৰাৰ আশংকাত চৰম সিদ্ধান্ত ১৬ বছৰীয়া মাহমুদা বেগমৰ দেশৰ ১০ জন ধনী সাংসদৰ তালিকাত আজমলঃ ১০ বছৰত ৪৮ কোটি টকাৰ সম্পত্তি বৃদ্ধি মাৰ্কিন আকাশত ধ্বংস হ’ল চীনৰ সন্দেহজনক ‘স্পাই বেলুন আৰক্ষীৰ অভিযান চলি আছেঃ শহুৰেকৰ ঘৰতে আত্মহত্যাৰ চেষ্টা ১৮ বছৰীয়া অংকুৰৰ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ দেহাৱসান

কামৰূপ জিলা দিৱসৰ তৃতীয় দিনঃ কবি সন্মিলনে জীপাল কৰিলে আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰ

Reporter Name
  • Update Time : Saturday, April 2, 2022
  • 75 Time View

আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰৰ পৰা পংকজ নাথঃ কামৰূপ জিলা দিৱসৰ আজি তৃতীয় দিনা অসমৰ কেইবাগৰাকীও বিশিষ্ট কবিৰ কবিতাৰে জীপাল হৈ পৰিল আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰ৷ জিলাখনৰ পৰ্যটন বিষয়া ডেনি গামে আঁতধৰা ‘বসন্তত শব্দৰ বৰষুণ’ শীৰ্ষক কবি সন্মিলন সঞ্চালনা কৰে বিশিষ্ট কবি নীলিম কুমাৰে৷ কবি সন্মিলন উদ্বোধন কৰে বিশিষ্ট কবি তথা কটন বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক লুটফা হানুম ছেলিমা বেগমে৷ সন্মিলনত নীলিমা ঠাকুৰীয়া হক, বিজয় শংকৰ বৰ্মন, সৌৰভ শইকীয়া, নিবেদন দাস পাটোৱাৰী, অনিন্দিতা ফুকন, বৰ্ণালী ভৰালী, অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, ভূপেন পাটোৱাৰী, কোকিল শইকীয়া, হিমাদ্ৰী বৰা আৰু সমীন বেজবৰুৱা, ৰুণু ৰঞ্জন লহকৰকে ধৰি কেইবাগৰাকীও কবিয়ে স্বৰচিত কবিতা পাঠ কৰে৷ সঞ্চালক কুমাৰে কয় যে কবিতা লিখোতে কবিয়ে কেতিয়াও শিল্পৰ পৰা আঁতৰি যাব নালাগে৷ শব্দইহে স্মৃতিক জীয়াই ৰাখে বুলি উল্লেখ কৰি তেওঁ কয় যে শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত কবিসকল অতি সচেতন হ’ব লাগে যাতে ইয়াৰ অযথা ব্যৱহাৰ নহয়৷ আনহাতে আজিৰ জিলা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ই-প্ৰস্তুতিৰ অধীনত ডিজাইন কৰা জিলা ৱেৱছাইট kamrup.assam.gov.in আনুষ্ঠানিকভাৱে মুকলি কৰে৷ ভাষণ প্ৰসংগত কাৰ্তিকে ৱেবছাইট ডিজাইন আৰু ডেভেলপ কৰাৰ বাবে ভাৰত চৰকাৰৰ এনআইচিক ধন্যবাদ জনাই আৰু ৱেবছাইটে প্ৰশাসন আৰু ৰাইজৰ মাজত আধুনিক যোগসূত্ৰ স্থাপন কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে ৱেব ছাইটটো ভৱিষ্যেতে তথ্য সমৃদ্ধ কৰি পৰিচালনা কৰাৰ বাবে আহ্বান জনায়৷ আজিৰ কথাছবি প্ৰদৰ্শন শিতানত ভিলেজ ৰকষ্টাৰ, কণিকাৰ ৰামধেনু, নিষিদ্ধ নদী আৰু সোণৰ বৰণ পখী কথাছবি প্ৰদৰ্শন কৰা হয়৷ সন্ধিয়া শুৱালকুছি ফেশ্বন টেকন’লজি প্ৰতিষ্ঠানে এখন ফেশ্বন শ্ব’ প্ৰদৰ্শন কৰে৷ আনহাতে জিলাখনৰ বিভিন্ন জনগোষ্ঠীয় লোক নৃত্য-গীতেৰে বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়৷ আজিৰ সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী প্ৰণীতা বৈশ্য মেধিয়ে লোসংগীত পৰিবেশন কৰে৷ আনহাতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে পৰিবেশন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছিল আজিৰ সাংস্কৃতিক সন্ধিয়াৰ অন্য এক আকৰ্ষণ৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে