January 30, 2023, 8:42 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে ৫০ বছৰৰ পিছত সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ আদানিক চেলেঞ্জঃ তথ্যসহকাৰে নাকচ কৰক হিণ্ডেনবাৰ্গৰ অভিযোগ ‘পাঠান’ অপসংস্কৃতি, অপসংস্কৃতিক প্ৰাধান্য দিয়া সকলে ‘পাঠান’ চাইছেঃ ভৱেশ কলিতা ওড়িশাৰ স্বাস্থ্যমন্ত্ৰীলৈ আৰক্ষীৰ গুলী বাঢ়িয়েই আছেঃ ফেব্ৰুৱাৰীৰ পৰা আকৌ বাঢ়িব বিদ্যুৎ মাচুল ৩৭ খন পতাকা উত্তোলনেৰে আৰম্ভ হ’ল সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ ৰাজ্যিক অধিবেশন কটন বিশ্ববিদ্যালয়ত ড০ সূৰ্য কুমাৰ ভূঞাৰ জন্মদিৱস উদযাপন

কামৰূপ জিলা দিৱসৰ আজি দ্বিতীয় দিন, মুখৰিত আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰ

Reporter Name
  • Update Time : Friday, April 1, 2022
  • 72 Time View

পঙ্কজ নাথঃ কামৰূপ জিলা দিৱসৰ আজি দ্বিতীয় দিন৷ আজি জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ সৈতে এক অন্তৰংগ আলাপত অংশ লয়৷ উপস্থিত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ লগতে জিলাখনৰ উত্তৰণৰ দিশত ল’ব লগা বিভিন্ন পদক্ষেপ আৰু উপায়ুক্তগৰাকীৰ জীৱনৰ বিষয়ে বিভিন্ন প্ৰশ্ন উত্থাপন কৰে৷ উপায়ুক্তগৰাকীয়ে আন্তৰিকতাৰে সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ উপৰি ছাত্ৰাৱস্থাতেই নিজৰ ঠাইখনৰ উত্তৰণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ অতি শুভলক্ষণ বুলি উল্লেখ কৰে৷ ছাত্ৰ-ছাত্ৰীসকলেও এই অনুষ্ঠানত ভাগ ল’বলৈ পাই অতি আনন্দ প্ৰকাশ কৰে৷ অনুষ্ঠানত জিলাখনত কৰ্মৰত আন এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া প্ৰীতি কুমাৰীয়েও ভাগ লয়৷ আনহাতে কথাছবি প্ৰদৰ্শন শিতানত আজি বান্ধোন, শৃংখল, বুল বুল কেন ছিং আৰু পখী কথাছবি প্ৰদৰ্শন কৰা হয়৷ আজিৰ অন্য এক মনোগ্ৰাহী অনুষ্ঠান আছিল কামৰূপ জিলাত শিক্ষকতা কৰি যোৱা মাহত অৱসৰ গ্ৰহণ কৰা শিক্ষক আৰু শিক্ষা বিভাগৰ কৰ্মচাৰী মিলি ৩৬ গৰাকী ব্যক্তিক আনুষ্ঠানিকভাৱে বিদায় সম্ভষণ জনোৱা আৰু পেন্সনৰ নথি প্ৰদান কৰা৷ এই অনুষ্ঠানত বিশিষ্ট লেখক তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে মুখ্য অতিথি ৰূপে উপস্থিত থাকি অৱসৰী শিক্ষক-কৰ্মচাৰীসকলে মানসিক স্বাচ্চ্যন্দৰে উদ্‌যাপন কৰিব পৰা অৱসৰী জীৱন সন্দৰ্ভত প্ৰদান কৰা অনুপ্ৰেৰণামূলক ভাষণে উপস্থিত সকলোকে আপ্লুত কৰে৷ সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য। সমান্তৰালভাৱে সমাজ কল্যাণ বিভাগে নিচা মুক্ত ভাৰত সন্দৰ্ভত প্ৰদৰ্শন কৰা বাটৰ নাট আছিল অন্য এক আকৰ্ষণীয় অনুষ্ঠান৷ বাতৰি যুগুতোৱাৰ সময়ত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান চলি আছে৷ আনহাতে কালি আড়ম্বৰপূৰ্ণতাৰে জিলা দিৱসৰ কাৰ্যসূচী মুকলি কৰা হয়৷ মুকলি সভাত মুখ্য বক্তা ৰূপে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ তথা লেখক ড০ দয়ানন্দ পাঠকে জিলাখনৰ গৌৰৱোজ্জ্বল ইতিহাসৰ ওপৰত অৱলোকন কৰি সেই গৌৰৱেৰে উদ্বোদ্ধ হ’বলৈ সকলোকে আহ্বান জনায়৷ সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে জিলাখনৰ প্ৰাক্তন আয়ুক্ত তথা অসম বিদ্যুৎ নিয়ামক আয়োগৰ উপদেষ্টা এছ কে ৰয় আৰু বিশিষ্ট লেখক তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ৷ সভাত আদৰণি ভাষণ প্ৰদান কৰি উপায়ুক্ত কৈলাশ কাৰ্তিক এনে সমূহ জিলাবাসীকে জিলাখনৰ উন্নয়নৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়৷ আনহাতে জিলা দিৱসৰ শপত বাক্য পাঠ কৰোৱায় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতিয়ে৷ সভাত জিলা দিৱসৰ স্মৃতিগ্ৰন্থ ‘কামৰূপা’ আৰু চৰকাৰী আঁচনি সম্পৰ্কত প্ৰকাশ কৰা ‘সাৰথি’ শীৰ্ষক গ্ৰন্থখনো উন্মোচন কৰা হয়৷ কালি জিলা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা আত্মসহায়ক গোটৰ প্ৰদৰ্শনী মেলা আৰু গ্ৰন্থমেলাও মুকলি কৰা হয়৷ কালি ভিলেজ ৰকষ্টাৰ কথাছবিখন প্ৰদৰ্শন কৰাৰ উপৰি কথাছবিখনৰ প্ৰযোজক তথা পৰিচালিকা ৰীমা দাস আৰু শিল্পীসকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠিত হয়৷ কালিৰ সাংস্কৃতিক অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী দীপক শৰ্মা, বিশিষ্ট সন্তুৰ বাদক পংকজ শৰ্মা আৰু ভাস্কৰজ্যোতি ওজাৰ যুগলবন্দী, কণ্ঠশিল্পী জ্যোতিপল আৰু শতাব্দী খাটনিয়াৰৰ গীতৰ শৰাই আছিল অন্যতম আকৰ্ষণীয় অনুষ্ঠান।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে