পংকজ নাথঃ কামৰূপ জিলা উকীল সন্থাৰ নতুন সভাপতি আৰু সম্পাদক নিৰ্বাচিত হৈছে অধিবক্তা আলতাফ হুছেইন মোল্লা আৰু সীমান্ত ডেকা। যোৱা ১৯ মে’ত অনুষ্ঠিত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰে উকীল সন্থাৰ মুখ্য নিৰ্বাচনী বিষয়া ৰিংকু ঠাকুৰীয়াই। সভাপতি-সম্পাদক পদৰ উপৰিও উপ-সভাপতিৰ দুটা পদত জুৰী শৰ্মা আৰু আৰিফুল ইছলাম, সহকাৰী সম্পাদক পদত জয়ন্ত গোস্বামী আৰু আনোৱাৰ হুছেইন, কোষাধ্যক্ষ পদত চহিদুল ইছলাম, সাংস্কৃতিক সম্পাদক পদত জয়ন্ত কুমাৰ ৰাভা, লাইব্ৰেৰী সম্পাদক হিচাপে আকবৰ হুচেইন, আলোচনী সম্পাদক হিচাপে ইছমাইল হুচেইন আৰু খেল সম্পাদক হিচাপে প্ৰশান্ত কলিতা নিৰ্বাচিত হৈছে। কাৰ্যনিৰ্বাহ সদস্য পদত ইলা দাস, তপন কুমাৰ দাস, জেহেৰুল ইছলাম আনচাৰী, বিভা সিংহা, চফিকুল ইচলাম, চাৰ্জীবুল হক চৌধুৰী, হিয়ামনি দাস আৰু মহম্মদ আলি জিন্না নিৰ্বাচিত হৈছে। আমিনগাঁওস্থিত কামৰূপ জিলা উকীল সন্থাৰ বৰ্তমানৰ সভাপতি শচীন নাথ আৰু সম্পাদক খলিলুৰ ৰহমানৰ উপৰিও অন্যান্য অধিবক্তাসকলে নৱ নিৰ্বাচিত সমিতিখনক শুভেচ্ছা জ্ঞাপন কৰিছে।