পঙ্কজ নাথঃ ৬ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ প্ৰতিনিধি দলে আজি কামৰূপ জিলাত উপস্থিত হয়৷ বাংলাদেশ, মালদ্বীপ, ভিয়েটনাম, দক্ষিণ আফ্ৰিকা, টাঞ্জানিয়া আদি বিভিন্ন দেশৰ সদস্যৰে গঠিত ১৫ জনীয়া প্ৰতিনিধি দলটোক জিলা প্ৰশাসনৰ তৰফৰ পৰা উষ্ম আদৰণি জনাই৷ আমিনগাঁৱস্থিত কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত প্ৰতিনিধি দলটোক আদৰণি সম্ভাষণ জনোৱাৰ লগতে উপায়ুক্ত কৈলাশ কাৰ্তিক এনে প্ৰশাসনীয় ব্যৱস্থা আৰু জিলাখন সন্দৰ্ভত এক চমু অৱলোকন দাঙি ধৰে৷
উত্তৰ গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান (আইআইটি), গুৱাহাটী আৰু চাংসাৰিত নিৰ্মীয়মাণ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) পৰিদৰ্শন কৰে৷ আনহাতে আবেলিৰ ভাগত হাজো খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰ, পোৱা মক্কা দৰগাহ শ্বৰীফ, হয়গ্ৰীৱ মাধব মন্দিৰ আৰু শুৱালকুছি পৰিদৰ্শন কৰে৷ কাইলৈ প্ৰতিনিধি দলটোৱে ছয়গাঁৱৰ বাঁহ প্ৰযুক্তি উদ্যান, পলাশবাৰীস্থিত বানপানী আৰু নদী গৰাখহনীয়া ব্যৱস্থাপনা এজেন্সি (FREMA), উপৰহালী আদৰ্শ অংগনবাড়ী কেন্দ্ৰ, বনগাঁও ষ্ট্ৰ’বেৰী কৃষি কেন্দ্ৰ আৰু আই টি চি লিমিটেডকে ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰিব৷ তদুপৰি প্ৰতিনিধি দলটিয়ে কাইলৈ নগৰবেৰা দকুছি উচ্ছ-মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত-বিনিময় কৰে।