নিউজ ডেস্কঃ কালি কামৰূপ জিলাৰ ৭১৮ খন বিদ্যালয়ত গুণোৎসৱ-২০২৩ৰ বহিঃ মূল্যায়কৰ দ্বাৰা মূল্যায়ন প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত হোৱাৰ পিছত বহিঃ মূল্যায়নৰ দ্বিতীয় দিনা অর্থাৎ আজি জিলাখনৰ মুঠ ৮১,৩৮৩ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি সৰ্বমুঠ ৭২৪ খন বিদ্যালয়ত বহিঃ মূল্যায়কৰ দ্বাৰা মূল্যায়ন কৰা হয়। এই মূল্যায়ন প্ৰক্ৰিয়াত ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যায়তনিক উৎকৰ্ষতাৰ মূল্যায়ন কৰাৰ উপৰি সহঃ বিদ্যায়তনিক উৎকৰ্ষতাৰ লগতে বিদ্যালয়ৰ সামাজিক অংশগ্রহণ তথা আন্তঃগাঁথনিগত সা-সুবিধাৰো মূল্যায়ন কৰা হয়।
আনহাতে, আজি ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন ইত্যাদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপ জিলাৰ ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় ফুলগুৰিত অনুষ্ঠিত গুণোৎসৱৰ কাৰ্যসূচীত বহিঃ মূল্যায়কৰ ৰূপত উপস্থিত থাকি ছাত্র-ছাত্ৰীসকলকৰ শৈক্ষিক উৎকৰ্ষতাৰ লগতে সহঃ বিদ্যায়তনিক উৎকর্ষতাৰে বুজ তথা মূল্যায়ন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগত একেলগে বহি মধ্যাহ্ন-ভোজনৰ আহাৰো গ্ৰহণ কৰে। তদুপৰি মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ কিছুসংখ্যক অভিভাৱক, স্থানীয় ৰাইজৰ সৈতেও শৈক্ষিক উৎকৰ্ষতাৰ বিভিন্ন দিশ সামৰি মত-বিনিময় কৰে।
গুণোৎসৱ-২০২৩ কাৰ্যসূচীৰ পিছত বিদ্যালয় চৌহদত উপস্থিত থকা সংবাদকর্মী সকলৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে শিক্ষাৰ মান উন্নত কৰাৰ বাবে গুণোৎসৱ লেখীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি মন্তব্য কৰি ইয়াৰ দ্বাৰা চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ড যথেষ্ট উন্নত হৈছে বুলি মন্তব্য কৰে। নতুন শিক্ষানীতি অনুসৰি কেনেদৰে শিক্ষাৰ আৰু অধিক বিকাশ কৰিব পৰা যায় সেই দিশ সমূহ অনুধাৱন কৰি আগন্তুক দিনত এনেধৰণৰ কাৰ্যসূচীয়ে আৰু অধিক আশানুৰূপ ফলাফল কঢ়িয়াই আনিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। আজি তেওঁ পৰিদৰ্শন কৰা বিদ্যালয়খনৰ শৈক্ষিক তথা সহঃবিদ্যায়তনিক দিশসমূহ যথেষ্ট আশাপ্রদ বুলিও তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খন পৰিদৰ্শনৰ সময়ত কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, খণ্ড শিক্ষা বিষয়াৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে।
আনহাতে আজি ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব, পুস্পাঞ্জলী দাস; মীন বিভাগৰ সচিব, কাব্যশ্ৰী মহন্ত; আতিৰিক্ত পি.চি.চি.এফ., পি.জে. বিজয়কৰ; অতিৰিক্ত পি.চি.চি.এফ. তথা কেম্পাৰ মুখ্য কাৰ্যবাহী বিষয়া, ড০ সত্যেন্দ্র সিং; আই.জি.পি., সুৰেন্দ্ৰ কুমাৰ; কামৰূপ জিলাৰ কেইবাগৰাকীও অতিৰিক্ত উপায়ুক্ত, চক্র বিষয়া, বিভিন্ন বিভাগৰ জেষ্ঠ বিষয়া, বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ অধ্যাপক বহিঃমূল্যায়ক হিচাপে জিলাখনৰ বিভিন্ন বিদ্যালয়ত উপস্থিত থাকি মূল্যায়ন কৰে।