ডিজিটেল ডেস্কঃ কামৰূপৰ বংশৰত গুলী চালানাৰ দৰে ভয়ংকৰ ঘটনা। ভিনিয়েকৰ বন্দুকৰ গুলীত আহত হৈছে খুলশালীয়েক৷
আহত খুলশালীয়েক ৰমেন দাস বৰ্তমান চিকিৎসাধীন। বৰ্তমানো ৰমেনৰ দেহৰ ভিতৰতে আছে গুলী৷ ভিনিয়েক জন হৈছে বংশৰৰ পৰেশ কলিতা। যোৱা শনিবাৰে নিশা সংঘটিত হৈছে এই ঘটনা । ভিনিয়েকৰ পৰকীয়া প্ৰেমৰ বাবে সংঘটিত হোৱাৰ সন্দেহ এই ঘটনা ৷ শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল । ভিনিয়েক পৰেশ কলিতা নিজৰ এয়াৰ গানেৰে গুলী কৰিছিল খুলশালীয়েক ৰমেন দাসক ।