পঙ্কজ নাথ, চাংসাৰিঃ উত্তৰ কামৰূপত বনধ্বংস যজ্ঞৰ বিৰুদ্ধে বন বিভাগ কিম্বা কামৰূপ প্ৰশাসনে আজিলৈ কোনো উচিত পদক্ষেপ লোৱা পৰিক্ষিত নহ’ল। বন বিভাগৰ দুৰ্নীতি চৰম সীমাত উপনীত হৈছে। চিলা বনাঞ্চলৰ কেইবাখনো পাহাৰ বন মাফিয়াৰ তাণ্ডৱত নিঃশ্চিহ্ন হোৱাৰ দিশে আগবাঢ়িছে৷ উত্তৰ কামৰূপ বন সংমণ্ডল বিষয়া চানীদেউ চৌধুৰীৰ লগতে কামৰূপ প্ৰশাসনে ৰহস্যজনক ভাৱে মৌনতা অৱলম্বন কৰাহে পৰিলক্ষিত হৈছে। বন মাফিয়াৰ ভয়াৱহ আগ্ৰাসন আৰু প্ৰশাসন, বন বিভাগৰ দুৰ্ভাগ্যজনক ভূমিকাৰ বাবে প্ৰায়বোৰ পাহাৰ এতিয়া নিজৰ চৰিত্ৰ হেৰুৱাই টকলা হৈ পৰিছে। ফলত জৈৱ-বৈচিত্ৰত পৰি আহিছে মোক্ষম আঘাত। অভিযোগ অনুসৰি উত্তৰ কামৰূপ বন-সংমণ্ডলৰ চিলা ৰেঞ্জৰ মান্দাকাটা, সাতগাঁও এলেকাৰ পাহাৰসমূহ অবাধে পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি উচ্চ প্ৰাৱল্যৰ বিস্ফোৰণ ঘটাই পাহাৰৰ পৰা শিল-ৰঙামাটি আহৰণ কৰি ৰমৰমীয়া কলা ব্যৱসায় চলাই আছে এচামে।
বিশেষকৈ জনৈক কুলদীপ, বিপুল আৰু হাইদৰ নামৰ লোক কেইজনমানৰ নেতৃত্বত অবৈধভাৱে দৈনিক কেইবাশ ট্ৰাক ৰঙামাটি সৰবৰাহ হৈ আছে। ইয়াৰ উপৰিও দীৰ্ঘেশ্বৰী বিটতে কুমনগৰ এলেকাত গঢ়ি উঠিছে কেইবাটাও অবৈধ শিলকুৱৰী। ইয়াৰ পিছতো অঞ্চলটোত এনেদৰে কৰা অবৈধ খনন কাৰ্য আৰু অবৈধ শিলকুৱৰীৰ সম্পৰ্কত সাংঘাটিকভাবে ৰহস্যজনক মৌনতা অৱলম্বন কৰিছে দীৰ্ঘেশ্বৰী বিটৰ বিট অফিচাৰ চহিদুলে৷ এই সম্পৰ্কত ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পিছতো কামৰূপ প্ৰশাসন কিম্বা উত্তৰ কামৰূপ বন সংমণ্ডলৰ বন বিষয়াই কোনো পদক্ষেপ গ্ৰহণ নকৰাত দুৰ্নীতিগ্ৰস্ত বিট অফিচাৰ চহিদুলে কুকৰ্মৰ দ্বাৰা আহৰণ কৰা ধনৰ ভাগ বন বিভাগ আৰু কামৰূপ প্ৰশাসনৰ কোনো ঘোচখোৰ বিষয়া কৰ্মচাৰীক দিয়াৰ সন্দেহ উপজিছে ৰাইজৰ মাজত। যাৰবাবে হয়তো নিৰ্ভীকভাবে বন মাফিয়াই অবাধ বনধ্বংস যজ্ঞ আৰু অবৈধ শিলকুৱৰী চলাই গৈছে বুলি একাংশই চিন্তা প্ৰকাশ কৰিছে।
বন বিভাগক অভিযোগ দাখিল কৰিলে বনকৰ্মীসকলে চালান থকা বুলি অৱগত কৰে যদিও স্থানীয় ৰাইজে অৱগত কৰামতে এখন চালানেৰে দহ-বাৰ ডাম্পাৰকৈ ৰঙামাটি-শিল সৰবৰাহ কৰি বনমাফিয়াই চৰকাৰৰ ৰাজহ ঘাটি কৰিছে বুলি অভিযোগ উত্থাপন হৈছে৷ কামৰূপ প্ৰশাসনৰ একাংশ অসাধু বিষয়াৰ লগতে বিট অফিচাৰ আৰু উত্তৰ কামৰূপ বন সংমণ্ডলৰ একাংশ বিষয়াৰ সৈতে গোপন বুজাবুজি কৰি ব্ৰহ্মপুত্ৰ নদীৰ বালিমাটি খননেৰে বৃহৎ ৰাজহ ফাকিৰে বালি মাফিয়াই ৰমৰমীয়া ব্যৱসায় চলাই নিছে। আনহাতে চিলা আৰু আজ্ঞাঠুৰী বিটৰ দায়িত্বত থকা বিট অফিচাৰ সঞ্জীৱ বৰ্মনৰ ছত্ৰছায়াতো বৃহৎ দুৰ্নীতি চলি থকাৰ আহি পৰিছে ভিন্ন অভিযোগ। অভিযোগ অনুসৰি চিলা বিটৰ অধীনষ্ঠ চাংসাৰি, কাটামুৰ, মলঙ, ধোপাতাৰী আদি অঞ্চলৰ চৰকাৰী ভুমি, পাহাৰৰ ৰঙামাটি আদি খনন ও পৰিবহন কৰি থকা বন মাফিয়াৰ সৈতে মিতিৰালি কৰি প্ৰতিখন ডাম্পাৰ জেচিবিৰ পৰা মাহিলী সংগ্ৰহ কৰি অহাৰ বাবে বন মাফিয়াই সংবাদ মাধ্যমত প্ৰকাশিত কোনো কথাকে ভ্ৰুক্ষেপ নকৰি নিৰ্বিঘ্নে এফালৰ পৰা পাহাৰৰ ৰঙামাটি আৰু চৰকাৰী ভুমি খনন কৰি আহিছে বুলি উঠিছে গুৰুতৰ অভিযোগ।
আজ্ঞাঠুৰী বিট এলেকাত অবৈধভাৱে নদীৰ বালিমাটি খনন ও সৰবৰাহ কৰি থকা বালি মাফিয়াৰ পৰাও দৈনিক আৰু মাহিলী কিষ্টিত ধনৰ লেন-দেন হৈ থকাৰ বাবেও সেই এলেকাত অবাধে লাখ লাখ টকাৰ কৰ ফাঁকিৰে ৰমৰমীয়া বালিমাটিৰ ব্যৱসায়েৰে বৃহৎ দুৰ্নীতি চলি আছে বুলিও আহি পৰিছে আন এক গুৰুতৰ অভিযোগ। এতিয়া চিলা ৰেঞ্জত ইমানবোৰ দুৰ্নীতি চলি থকাৰ পৰিপ্ৰেক্ষিতত প্ৰকৃতিপ্ৰেমী ৰাইজে উপৰোক্ত বিষয়ত দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে। তাৰোপৰি কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ লগতে বন বিভাগক উপৰোক্ত বিষয়ত গুৰুত্ব দিয়াৰ উপৰিও মৌনতা পৰিহাৰ কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে অঞ্চলটোৰ সচেতন ৰাইজে।