কামপুৰৰ পৰা ৰূপজ্যোতি ভূঞাঃ আজি ৩১ মে’। ৩১ মে’ৰ দিনটোত বিশ্ব ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাওঁ জিলাৰ কামপুৰ মহাবিদ্যালয়ত N.C.Cৰ উদ্যোগত ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। N.C.C-এ এই দিৱস পালন কৰি ধপাতৰ বিপদ আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে সজাগ কৰে। ধঁপাত সেৱনৰ ফলত বহু লোকে নিজৰ জীৱন মৃত্যু মুখলৈ ঠেলি দিয়ে। সেয়ে নতুন প্ৰজন্মক ধঁপাত সেৱনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।