কামপুৰঃ কামপুৰ মহাবিদ্যালয়ত নতুন শিক্ষা নীতি সন্দৰ্ভত আজিৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ। আজি প্ৰথম দিনা আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক পি কে আচাৰ্যী আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক নীল ৰতন ৰয়ৰ লগতে কামপুৰ মহাবিদ্যালয়ৰ অধ্যাপক ড° অসীম কুমাৰ বৰা। আলোচনাচক্ৰত মহাবিদ্যালয় খনৰ অধ্যাপক-অধ্যাপিকাসকলে অংশগ্ৰহণ কৰে।