কামপুৰৰ যুৱ অভিনেতা তথা সৰবৰহী যুৱক ভগৱান দাস (ভোলা)ৰ এক বাইক দুৰ্ঘটনাত পতিত হৈ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটাত কামপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। যুৱ অভিনেতা জন যোৱা নিশা নিজঘৰ দেৱনাৰিকলীলৈ গৈ থকা সময়ত বাইক দুৰ্ঘটনা সংঘটিত হোৱাত সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। অতি খুহুতীয়া স্বভাৱৰ তথা ৰাইজৰ মাজত ‘ভোলা’ নামেৰে পৰিচিত ভগৱান দাস ইউটিউবত U D Entertainment চেনেলৰ সফল অভিনেতা আছিল। কামপুৰ চিনেমা হলৰ ওচৰৰ ‘নৱনীতা’ হোটেলৰ স্বত্বাধিকাৰী ভগৱান দাসে সৰু কালৰে পৰা অসমীয়া ভাওনা, নাটক, ধাৰাবাহিক আদিত মনপৰশা অভিনয় কৰি ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল। যুৱ অভিনেতা জনৰ মৃত্যুৰ খৱৰ পোৱাৰ পিছতে কামপুৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। ৪৫ বছৰীয়া ভগৱান দাসে মৃত্যুৰ সময়ত পত্নীসহ এজন পুত্ৰ আৰু দুগৰাকী কন্যা ইহসংসাৰত এৰি থৈ যায়। গুৱাহাটীত হোৱা আন এক পৃথক দুৰ্ঘটনাত কামপুৰ তেতেলীসৰাৰ কৰুণাময় দাস ওৰফে দিগন্ত দাসৰ আজি মৃত্যু হয় বুলি জানিব পৰা গৈছে।