ৰূপজ্যোতি ভূঞঃ কামপুৰৰ কাকতিগাঁৱত দেওবাৰৰ নিশা ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আৰক্ষীয়ে স্থানীয়লোকৰ সহযোগত আটক কৰিবলৈ সক্ষম হয়। কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কাকতিগাঁও তিনিআলিত ছফিকুল ইছলাম ওৰফে ছফি নামৰ ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা দহোটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে যুৱকজনক আটক কৰে।