কামপুৰঃ নগাঁও জিলাৰ কচুৱাত দুখন বাহনৰ মাজত মুখামুখী সংঘৰ্ষ লগাত কেইবাগৰাকী যাত্ৰী গুৰুতৰ ভাৱে আহত হৈছে৷ বৃহস্পতিবাৰে নগাঁও জিলাৰ কচুৱাৰ ৰজাআলিত এখন টেম্প আৰু মেক্সিমোৰ মুখামুখী সংৰ্ঘষ লাগে। ফলত বহু সংখ্যক যাত্ৰী গুৰুতৰ ভাৱে আহত হয়। AS-02-AC-5380 টেম্প আৰু AS-02-BC-3500 নম্বৰৰ মেক্সিমোৰ মাজত মুখামুখী সংঘৰ্ষ লগাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সকলো আঘাতপ্ৰাপ্ত যাত্ৰীসকলক কচুৱা আৰ্দশ চিকিৎসালয়ত ভৰ্তি কৰে৷ আন একাংশ যাত্ৰীক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে।