কামপুৰঃ কামপুৰৰ নিজ নাৰিকলিত শনিবাৰে পুৱাই সংঘটিত হয় এক শোকাৱহ ঘটনা। অঞ্চলটোত পুৱা ৰে’ল লাইনত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ।
ৰে’লে কটা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো নাৰিকলি গাঁৱৰ সত্যজিৎ লস্কৰ নামৰ যুৱকজনৰ বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে মৃতদেহটো প্ৰতক্ষ্য কৰি ৰে’ল আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকাময় পৰিৱেশে বিৰাজ কৰিছে।