ডিজিটেল সংবাদ, নগাঁও-গুৱাহাটীৰ আগশাৰী চিকিৎসা সেৱাৰ অন্যতম চিকিৎসালয় এপল’ হাস্পতালৰ উদ্যোগত নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আটিগাঁৱৰ বান বিধ্বস্ত অঞ্চলত স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় । শিবিৰত চিকিৎসালয়খনৰ মেডিচিন বিশেষজ্ঞ, গেষ্ট্ৰ’, শিশুৰোগ আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ চিকিৎসকে বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে প্ৰায় ২৫০ টা পৰিয়ালৰ মাজত বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে ৷ উল্লেখযোগ্য যে, চলিত বৰ্ষত দুটাকৈ বানত অতি বেয়াকৈ ক্ষতিগ্ৰস্থ হোৱা নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰ, নগাঁও সদৰ ৰাজহ চক্ৰ আৰু ৰহা ৰাজহ চক্ৰৰ বিস্তীৰ্ণ অঞ্চলত শেহতীয়াকৈ বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে ৷ ইতিমধ্যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালভাৱে একাংশ অনুষ্ঠান- প্ৰতিষ্ঠানে উক্ত বানৰ কবলত পৰা অঞ্চল সমূহত খাদ্য-সামগ্ৰী তথা ঔষধ আদিৰ যোগান ধৰি আহিছে।