কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু৷ কামপুৰৰ টকৌডুবিৰ ৩ বছৰীয়া শিশু আব্দুল ৰেহানৰ মৃত্যু৷ বানত আক্ৰান্ত পৰিয়ালটো আশ্ৰয় লৈ আছিল ৰেলপথত। কেনেবাকৈ শিশুটো পিছলি পানীত পৰে। স্থানীয় লোকে শিশুটোক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।