কামপুৰঃ আজি কামপুৰত অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ, অসম, গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চই কামপুৰত গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদানৰ লগতে বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। ২০০৮ চনত প্ৰতিষ্ঠিত অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চ, পশ্চিম কাৰবি আলং(অসম)য়ে কামপুৰৰ স্বৰাজ ভৱনত আয়োজন কৰা অনুষ্ঠানত অসমৰ সাহিত্য-সংস্কৃতি-সুকুমাৰ কলা স্থাপত্য ভাস্কৰ্য সমাজ সংগঠক আৰু সাংবাদিকতা আদিৰ দিশত সমাজলৈ বৰঙণি আগবঢ়োৱা ২৫ গৰাকী ব্যক্তিলৈ গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদান কৰে। অনুষ্ঠানটোত অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড০ জগদীশ পাটগিৰি; সাংবিদক ৰূপ জ্যোতি ভূঞা; বিশিষ্ট সমাজসেৱক, লেখক তথা অসমীয়া গহণা শিল্পী উৎপল বণিয়াকে ধৰি ২৫ গৰাকী অসমৰ বৰেণ্য ব্যক্তিক ‘অসম গ্ৰাম্য শিৰোৰত্ন বঁটাৰে’ বিভূষিত কৰে। এই সভাত সভাখনত উপস্থিত থাকে কামপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সভাৰাম মজুমদাৰ; শ্ৰী মম্ত শংকৰদেৱ সংঘৰ কামপুৰ শাখাৰ সভাপতি স্বৰাজ মোহন বৰা, লিখশ প্ৰমোদ বৰা, কামপুৰ কবি সন্মিলনৰ উপদেষ্টা প্ৰবীণ শৰ্মা, কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতি, মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ সাধক দেৱেন চন্দ্ৰ ভূঞা আদি। সভাখনৰ সভাপতিত্ব কৰে গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চ, অসমৰ সভাপতি সভাৰাম বৰাই।