যুদ্ধৰ ২০টা দিন পাৰ হোৱাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’বাইদেনৰ লগতে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডুক ৰাছিয়াই নিষিদ্ধ কৰিছে৷ ৰাছিয়াই কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ লগতে বৈদেশিক মন্ত্ৰী মেলানিয়া জোলি, প্ৰতিৰক্ষা মন্ত্ৰী অনিতা আনন্দ আৰু প্ৰায় সকলো সাংসদকে ধৰি ৩০০ তকৈও অধিক কেনেডিয়ানক ৰাছিয়াত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে ৰাছিয়াই৷ ইউক্ৰেইনক কানাডাই সমৰ্থন কৰাত এই সিদ্ধান্ত লৈছে ৰাছিয়াৰ চৰকাৰে৷ এতিয়াৰ পৰা ৰাষ্ট্ৰপতি জ’ বাইদেনৰ লগতে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডুই ৰাছিয়া ভ্ৰমণ কৰিব নোৱাৰিব৷ বাইদেন আৰু কেইবাজনো শীৰ্ষ আমেৰিকাৰ নাগৰিকক নিষিদ্ধ কৰিছে৷ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ চলি থকাৰ মাজতে বৃহৎ সিদ্ধান্ত ৰাছিয়াৰ৷