ডিজিটেল ডেস্কঃ উদয়পুৰৰ কানহায়ালাল হত্যাকাণ্ডৰ ঘোষণা NIAক প্ৰদান কৰা হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি দোষীক উচিত শাস্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে৷
কংগ্ৰেছ শাসিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও দোষীক শাস্তি প্ৰদানৰ কথা ঘোষণা কৰিছে৷
কানহায়ালাল নামৰ দৰ্জী জনে সামাজিক মাধ্যমৰ যোগেদি পূৰ্বেই ভাবুকি লাভ কৰি আহিছিল৷ মৃত্যুৰ বাবে লাভ কৰা ভাবুকিৰ বাবে তেওঁ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিছিল৷
আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কানহায়ালালৰ হত্যাকাণ্ডৰ NIA ক তদন্ত ঘোষণা কৰিছে লগতে কোনো আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন জড়িত আছে নেকি সেইলৈ পৰ্যালোচনা কৰাৰ কথা ঘোষণা কৰিছে৷
ইতিমধ্যে হত্যাকাৰী গোছ মহম্মদ আৰু ৰিয়াজ আখটাৰীক গ্ৰেপ্তাৰ কৰা হৈছে৷ ৰাজস্থানৰ SIT (Special Investigation Team) য়ে সমগ্ৰ ঘটনা নিজাকৈ তদন্তৰ ঘোষণা কৰিছে৷ IGP প্ৰফুল্ল কুমাৰেও নিজাকৈ ঘটনাৰ সন্দৰ্ভত চোৱাচিতা কৰিছে৷ এই ঘটনাৰ পিছতেই উদয়পুৰত সাধ্য আইন ঘোষণা কৰা হৈছে ৷
ইফালে কানহায়ালাল নামৰ দৰ্জী জনক বিতৰ্কিত তথ্য সামাজিক মাধ্যমত প্ৰচাৰ কৰা বাবে ১০ জুনত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ১৫ জুনত জামিনত মুক্তি লাভ কৰিছিল৷
ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে মৃত কানহায়ালালৰ পৰিয়ালক ৩১ লাখ টকা দিয়াৰ ঘোষণা কৰিছে, লগতে জনসাধাৰণক ৰাজ্যখনত শান্তি বৰ্তাই ৰখাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে