March 28, 2023, 3:45 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আৰু ৩টা সংযোজন ঘোষণা চৰকাৰৰ

Reporter Name
  • Update Time : Thursday, September 3, 2020
  • 90 Time View

বোকাখাতঃ পূৰ্বৰ ৬ টা সংযোজনৰ পাচত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে অসম চৰকাৰে আজি আৰু তিনিটা সংযোজন আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷ এই ঘোষণা অনুসৰী নগাওঁ জিলাৰ দেওচূড় আৰু পালখোৱাৰ লগতে দেওচূড় পাহাৰৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ মুঠ ১৭৬ হেক্টৰক কাজিৰঙাৰ সপ্তম সংযোজন এলেকা হিচাবে ঘোষণা কৰিছে ৷ একেদৰে নগাওঁ জিলাৰে বান্দৰডুবি অঞ্চলৰ মুঠ ৩০৭ হেক্টৰ ভুমিক কাজিৰঙাৰ অষ্টম সংযোজন আৰু শোনিতপুৰ জিলাৰ মৌখোৱা চাপৰিৰ মুঠ ২৫৭০ হেক্টৰ ভুমিক কাজিৰঙাৰ নৱম সংযোজন হিচাবে অন্তৰ্ভুক্ত কৰা হৈছে ৷

উল্লেখ্য যে সদ্য ঘোষিত কাজিৰঙাৰ ৭ আৰু অষ্টম সংযোজন এলেকাত ২০১৬ চনৰ ১৯ চেপ্তেম্বৰৰ দিনা অসম চৰকাৰে চলোৱা উচ্চেদ অভিযানত অঞ্চলটোৰ পৰা মুঠ ৩৩২ টা পৰিয়ালক উচ্চেদ কৰা হৈছিল ৷ ইয়াৰে নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্রৰ অন্তর্গত বান্দৰডুবিৰ ২০৬ টা, দেওঁচুড় চাংৰ ১১৪ টা আৰু পালখােৱাৰ ১২ টা পৰিয়ালক এই অঞ্চলৰ পৰা উচ্ছেদ কৰা হৈছিল।

এই সম্পৰ্কত যোৱা ৩১ আগষ্টত বিধান সভাৰ মজিয়াত মন্ত্ৰী যোগেন মহনে দিয়া চৰকাৰী তথ্য মতে এই ৩৩২ টা উচ্চেদিত পৰিয়ালৰ ২২ টা পৰিয়াল বর্তমান কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰীৰ চৰকাৰী মাটিত, ১৫ টা পৰিয়াল পূৱ দেওঁপানীৰ চৰকাৰী মাটিত , বাকী ১৫ টা পৰিয়ালে পূৱ দেওঁপানী দলঙৰ ৰাষ্ট্ৰপথৰ কাষৰ চৰকাৰী মাটিত , ১১ টা পৰিয়াল দেওপানীত , ১৫ টা পৰিয়াল কুঠৰীত আৰু ১ টা পৰিয়াল ন-জানৰ নিজা মাটিত বসবাস কৰি আছে । ৰাজহ বিভাগৰ তথ্য মতে বাকী থকা ২৫৩ টা পৰিয়াল বর্তমান চেকনি পথাৰ, হােলা আৰু গৰুবন্ধাৰ নিজা মাটিত বসবাস কৰি আছে ৷

এই উচ্চেদিত পৰিয়াল সমূহক পুনৰ সংস্থাপনৰ বাবে মুঠ ২২,৮৪ লাখ টকাৰ ক্ষতিপুৰণৰ প্রস্তাৱ অসম চৰকাৰলৈ প্ৰেৰণ কৰিছিল ৰাজহ ও দুর্যোগ ব্যৱস্থাপনা বিভাগে ৷ ইতিমধ্যে বান্দৰড়ুবি আৰু পালখােৱাৰ পট্টাভুক্ত মাটিৰ পৰা উচ্ছেদত হােৱা লােক সকলক ১৪.৭১ কোটিৰো অধিক টকাৰ ক্ষতিপুৰণ হিচাব অসম চৰকাৰে আৱন্তন দিয়া বুলি বিধান সভাত ৰাজহ ও দুর্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী যোগেন মহনে ঘোষণা কৰিছিল ৷

কাজিৰঙাৰ সপ্তম আৰু অষ্টম সংযোজন হিচাবে ঘোষিত কলিয়াবৰ মহকুমাৰ দেওচূড় আৰু পালখোৱা অঞ্চল সম্প্ৰতি কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে অতি গুৰুত্বপূৰ্ণ আবাস হিচাবে গঢ়ি উঠাৰ লগতে কাজিৰঙাৰ পৰ্যটনৰ বাবেও অতি গুৰুত্বপুৰ্ণ বুলি বিবেচিত হৈছে৷ একেদৰে শোণিতপুৰৰ মৌখোৱা অঞ্চলো ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ বাবে অতিগুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে