কাজিৰঙাঃ গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত গৰুক প্ৰতিষেধক প্ৰদান আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে থকা গাঁওসমূহত বিগত এপ্ৰিল মাহৰ পৰা গৰুৰ প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হৈছিল৷ বোকাখাত, বুঢ়াপাহাৰ আৰু অগৰাতলি বনাঞ্চলৰ পৰিয়ালসমূহৰ ঘৰৰ গৰুক প্ৰতিষেধক প্ৰদান কৰা হয়৷
বাৰিষাকালত গৰুৰ দেহত দেখা দিয়া চবকা, জহৰবাত আদি ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে ট্ৰায়ভেক নামৰ প্ৰতিষেধক প্ৰদান কৰা হয়৷
বিশ্ব প্ৰকৃতি নিধিয়ে যোগান ধৰা এই প্ৰতিষেধকেৰে ১০,৬৩৯ গৰুক প্ৰতিষেধক প্ৰদান কৰা হয়৷