কলিয়াবৰৰ পৰা মুনিলাল গুপ্তাঃ জাতীয় শ্বহীদ মুক্তি নাথ গোৱালাক স্মৰম কৰি বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ-বৈচিত্ৰৰ উদ্যান সমবায় সমিতি লিমিটেডৰ সহয়োগত অৰ্কিড উদ্যানৰ কক্ষত অনুষ্ঠিত বিশেষ অনুষ্ঠানত জাতীয় শ্বহীদ মুক্তি নাথ গোৱালা সোঁৱৰণীত অসম ভিত্তিত অনুষ্ঠিত কৰা মুকলি প্রবন্ধ প্ৰতিযোগিতাৰ বঁটা প্রদান কৰা হয়৷ অনুষ্ঠানত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, সভাপতি ৰাজু বৰা, ছাত্র মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মী উপস্থিত থাকে। প্রথম পুৰস্কাৰ লাভ কৰা দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীক নগদ এক লাখ টকা আৰু মানপত্র, দ্বিতীয় স্থান লাভ কৰা লেখক টুনুজ্যোতি গগৈক নগদ পঞ্চাশ হাজাৰ টকা আৰু মানপত্র প্রদান কৰে সাংবাদিক প্ৰশান্ত ৰাজগুৰু আৰু লেখক ময়ুৰ বৰাই।