জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ কাছমাৰী আৰু বৰভেটি কেন্দ্ৰীয় বিহু উদ্যাপন সমিতিৰ উদ্যোগত বুধবাৰৰ পৰা স্থানীয় কাছমাৰী খেল পথাৰত বিহুৰ কৰ্মশালাৰ আৰম্ভ হৈছে৷ এই মৰ্মে, বিয়লি অনুষ্ঠিত হোৱা এক বৰ্ণিল পৰিবেশত জনপ্ৰিয় শিল্পী কৃষ্ণমনি নাথে কৰ্মশালাখনিৰ শুভ উদ্ধোধন কৰে৷ নিজৰ উদ্ধোধনী ভাষনত শিল্পী নাথে এই কৰ্মশালাৰ জৰিয়তে উঠি অহা প্ৰজন্মই প্ৰনালীবদ্ধভাৱে শুদ্ধৰূপত বিহু শিকিব বুলি আশা ব্যক্ত কৰাৰ লগতে উদ্যোগতা সকলৰ এনে প্ৰচেষ্টাৰ শলাগ লয়৷ অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী গৰাকীয়ে বিহুগীত পৰিবেশন কৰি প্ৰশিক্ষাৰ্থীসকলক উৎসাহ যোগায়৷ বৃহত্তৰ অঞ্চলটোৰ দুই শতাধিক প্ৰশিক্ষাৰ্থীয়ে ভাগ লোৱা কৰ্মশালাৰ উদ্ধোধনী অনুষ্ঠানত ৭০ দশকৰ জনপ্ৰিয় বিহু সম্ৰাজ্ঞী দিপালী দাস মজুমদাৰ, বিহুশিল্পী দিপ্তী শইকীয়া, কংকনা কোঁৱৰ, কাছমাৰী গাঁও পঞ্চায়তৰ সভাপতি পংকজ বৰা, জিলা পৰিষদৰ সদস্যা কাঞ্চন পাটৰ বৰদলৈ, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দিপাঞ্জলী কোঁৱৰ, ঢোলবাদক জীতেন বৰদলৈ, নৃত্য পৰিচালক জিতু ডেকা, সমাজকৰ্মী হৰিচৰণ ডেকা, বৰভেটিৰ সমাজসেৱক চহিদুল হক , মোজ্জামিল হককে ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে৷ কেন্দ্ৰীয় বিহু উদ্যাপন সমিতিৰ সভাপতি অমিয় কুমাৰ ডেকাৰ পৌৰোহিত্য অনুষ্ঠিত হোৱা উদ্ধোধনী অনুষ্ঠানটো আঁত ধৰি আগবঢ়াই নিয়ে সাধাৰণ সম্পাদক ৰাজেশ কো্ঁৱৰ আৰু সম্পাদক বসন্ত দুৱৰাই৷ অনুষ্ঠানত ৭০ দশকৰ বিহু সম্ৰাজ্ঞী দিপালী দাস মজুমদাৰে বিহুগীত আৰু যুৱ বিহু শিল্পী জাগৃতি কলিতাই নিজে ঢোল বজাই বিহুগীত জুৰি সকলোকে আপ্লুত কৰে৷ অহা ২৭ মাৰ্চলৈকে চলিব লগা এই কৰ্মশালাত ঢোলৰ ওজা যুৱত চন্দ্ৰ ডেকা, বিহুৰ সাধক বীৰেন ডেকা আৰু বৰ বিহুৱতী জাগৃতি কলিতাই প্ৰশিক্ষণ প্ৰদান কৰিব বুলি উদ্যাপন সমিতিৰ সাংস্কৃতিক সম্পাদকদ্বয় পংকজ বৰদলৈ আৰু পৰাগ কুমাৰ বৰদলৈয়ে জানিবলৈ দিছে৷