বেবেজীয়াঃ নগাঁও জিলা শিশু শ্ৰমিক প্ৰকল্প সমিতিৰ উদ্যোগত আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ ব্যৱস্থাপনাত তথা স্বেচ্ছাসেৱী অনুষ্ঠান সৰ্বাংগী ট্ৰাষ্ট, উদালী ৰুৰেল ডেভেলপমেণ্ট এচ’ছিয়েছন, অসম ৰাজ্যিক কৃষক সমন্বয় সমিতি, আদৰ্শ সমাজ কল্যাণ সমিতি, সোনালী উদ্যোগ সমিতি আৰু গ্ৰাম্য উন্নয়ন সংন্থাৰ সহযোগত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন কৰা হয় ৷ দিনজোৰা কাৰ্যসূচীৰে দেওঁবাৰে অনুস্থিত হয় বিশ্ব শ্ৰমিক দিৱস৷
পুৱাৰ ভাগত সমূহীয়া চাফাই অভিযানৰে দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে সমূহীয়া গছপুলি ৰোপনৰ কাৰ্যসূচী মুকলি কৰে অৱসৰপ্ৰাপ্ত সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰেমেশ্বৰ দাসে ৷ ইয়াৰ পিছতে শোভাযাত্ৰা আৰু বাটৰ নাট প্ৰদৰ্শনীৰ উদ্বোধনী কৰে নগাঁৱৰ অতিৰক্ত উপায়ুক্ত দেৱাহুতি বৰাই ৷ দুপৰীয়া বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত শিশু শ্ৰমিক সকলৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰদৰ্শনী আৰু শিশু শ্ৰমিক প্ৰতিৰোধ সম্পৰ্কীয় বক্তৃতা প্ৰদান অনুষ্ঠানৰ মুকলি কৰে জিলা শিশু সুৰক্ষা বিষয়া অঞ্জলী আৰ্য্যই লগতে উক্ত অনুস্ঠানটিত উপস্থিত থাকে বহুতো গন্য-মান্য ব্যক্তি