পংকজ নাথঃ গুৱাহাটীৰ জল যাতায়তক অধিক সুবিধাজনক আৰু সুৰক্ষিত কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। ২৮৯•৪৫ কোটি ব্যয় সাপেক্ষ বহুমুখী প্ৰকল্প শুকুৰবাৰে শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ফাঁচিবজাৰ ঘাটত মুকলি কৰিব দুখন নতুন জাহাজ। গুৱাহাটী-উত্তৰ গুৱাহাটী আৰু মধ্যমখণ্ড-গুৱাহাটী ফেৰী ঘাটত সংযোজিত হ’ব দুখন নতুন জাহাজ। নতুন জাহাজ দুখন ক্ৰমে এম.ভি কামেং আৰু এম.ভি জাজিয়ে জল যাতায়তৰ সহায়ক হ’ব। ২০৫ হ্ৰছ পাৱাৰ থকা দুটা ইঞ্জিনযুক্ত জাহাজত এশ বহা ছিটৰ লগতে ষাঠিখন বাহন পাৰাপাৰ কৰিব পাৰিব। শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী ফাঁচি বজাৰ ফেৰী ঘাটত মুকলি কৰিব ফেৰী দুখন। নতুনকৈ জলপৰিবহন বিভাগে অনা দহখন ফেৰীৰ তিনিখন সংলগ্ন কৰাত পলম হৈছিল। দুখন জাহাজ গুৱাহাটীৰ পাৰ ঘাটত ব্যবহৃত হ’ল যদিও এখন ফেৰী ক’ত সংলগ্ন হব নিৰ্ধাৰিত হোৱা নাই। গুৱাহাটীত দুখন জাহাজ সংলগ্ন খবৰে উৎসাহিত কৰিছে সকলোকে ইফালে গুৱাহাটী ফেৰী ঘাটত পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ খং। ফেৰী যাত্ৰীয়ে লাইভ জেকেট পৰিধান নকৰা বাবে যাত্ৰীৰ লগতে জল পৰিবহন কৰ্মীৰ ওপৰত ক্ষোভ উজাৰিলে মন্ত্ৰীগৰাকীয়ে। ১৩ মে’ত গুৱাহাটীত উদ্বোধন কৰিবলগীয়া ফেৰী উন্মোচনী অনুষ্ঠানৰ আয়োজন তদাৰক কৰি পৰিদৰ্শন কৰিবলৈ আহি জাহাজত উঠিল মন্ত্ৰীগৰাকী।