জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ জুৰীয়াত কাইলৈ বিশেষ জুম্মা নামাজৰ আয়োজন কৰা হৈছে৷ বিশ্ব শান্তি আৰু সকলোৰে মাজত ভাতৃত্ববোধ বৰ্তাই ৰখাৰ উদ্দেশ্যে আয়োজিত এই ঐতিহাসিক জুম্মা নামাজত ভাগ ল’ব মদিনা শ্বৰিফৰ ইমাম চাহাবে৷ ধিং গাওঁ তালিমুল কোৰয়ান হাফিজীয়া মিছন মাদ্ৰাছাৰ উদ্যোগত জুৰীয়াৰ বগৰিগুৰি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ খেল পথাৰত অনুষ্ঠিত হ’বলগীয়া এই বিশাল জুম্মা নামাজত মদিনা শ্বৰিফৰ ইমাম চাহাবৰ উপৰিও বাংলাদেশৰ কেইবাগৰাকী ইছলামিক পণ্ডিত লগতে অসমৰো ইছলামিক পণ্ডিত উপস্থিত থাকিব। জানিব পৰা মতে, পাঁচ লাখ ইছলামধৰ্মী লোকে একেলগে এই বিশেষ জুম্মা নামাজত অংশগ্ৰহন কৰি জুম্মাৰ নামাজ আৰু দোৱা আদায় কৰিব৷ ইতিমধ্যে এই বিশেষ জুম্মা নামাজক লৈ বৃহত্তৰ অঞ্চলজুৰি উখল-মাখল পৰিবেশৰ সৃষ্টি হৈছে৷ মদিনা শ্বৰিফৰ ইমাম চাহাবক আদৰিবৰ বাবে দিনে-নিশাই অবিৰতভাৱে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে উদ্যোক্তাসকলে৷ উদ্যোক্তাসকলে এই বিশেষ জুম্মাৰ নামাজ সফল কৰিবলৈ অনুষ্ঠানস্থলী চাফ-চিকুন কৰি আটকধুনীয়াকৈ সজাই-পৰাই তুলিছে৷ মুঠতে দেখা গৈছে বগৰিগুৰি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ খেলপথাৰত উদ্যোক্তাসকলৰ ব্যাপক তৎপৰতা৷